NORTHEAST NOW (Assamese)

পলাল! প্ৰতিবাদী জনতাৰ ৰুদ্ৰমুৰ্ত্তি দেখি পলাবলৈ বাধ্য হ’ল প্ৰধানমন্ত্ৰী

March 27, 2023 7:24 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 27, 2023 7:28 pm

সোমবাৰে নিজৰ বাসগৃহৰ পৰা পলায়ন কৰিবলৈ বাধ্য হ’ল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। প্ৰতিবাদী জনতাৰ ৰুদ্ৰ ৰূপ দেখি প্ৰধানমন্ত্ৰীজনে ঘৰ এৰি পলাবলৈ বাধ্য হোৱাৰ খবৰ ইতিমধ্যে সংবাদ মাধ্যমত বিয়পি পৰিছে।

ন্যায়পালিকাক বিপথে পৰিচালনা কৰাৰ কথাত সমালোচনা কৰাৰ বাবে দেওবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নেতানিয়াহুৱে নিজৰ প্ৰতিৰক্ষা মন্ত্ৰীক বৰ্খাস্ত কৰে। ইয়াৰ পিছতেই ইজৰাইলৰ ঠায়ে ঠায়ে নিশাৰ ভিতৰতে ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়।

চিএনএনৰ বাতৰি অনুসৰি, প্ৰতিবাদী জনতাই জেৰুজালেমৰ নেচেটলৈ গৈ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ন্যায়পালিকাক পৰিচালনা কৰাৰ চেষ্টা বন্ধ কৰাৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে তুমুল প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে ন্যায়পালিকাক দুৰ্বল কৰাৰ পৰিকল্পনা কৰাক লৈ ক্ষোভত অশান্ত হৈ উঠিছে ইজৰাইলৰ জনতা। দেশৰ বিভিন্ন ঠাইত কেইবাসপ্তাহ ধৰি ধৰ্মঘটকে ধৰি বিভিন্ন প্ৰতিবাদ চলি আছে। দেওবাৰে প্ৰতিৰক্ষা মন্ত্ৰীক বৰ্খাস্ত কৰাৰ পিছতেই এই প্ৰতিবাদে নিশাটোৰ ভিতৰতে অধিক তীব্ৰ ৰূপ ধাৰণ কৰে।

প্ৰতিবাদ দেখি নেতানিয়াহুৱে জেৰুজালেমত প্ৰতিবাদকাৰীসকলক দায়িত্বশীল আচৰণ কৰিবলৈ আৰু হিংসাত্মক কাম নকৰিবলৈ আহ্বান জনায়।

মই জেৰুজালেমৰ সোঁ আৰু বাওঁফালৰ সকলো বিক্ষোভকাৰীক দায়িত্বশীল আচৰণ কৰিবলৈ আৰু হিংসাত্মক কাম নকৰিবলৈ আহ্বান জনাইছো। আমি ভাতৃত্ববোধৰ মানুহ।’এইদৰে টুইটযোগে এইদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ঘটনাৰ পিছত এই টুইটটোৰ বাহিৰে এতিয়ালৈকে জনতাক কোনোধৰণৰ সম্বোধন কৰা নাই প্ৰধানমন্ত্ৰী নেতিনিয়াহুৱে।

Related News