NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা : ১৪ জন আহত; পাঁচজনৰ অৱস্থা অতি সংকটজনক!

Posted by: ৰিদীপ শৰ্মা Updated by: ৰিদীপ শৰ্মা January 6, 2021 8:55 pm
VideoCapture_20210106-183619

কলিয়াবৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত আহত হৈছে ১৪ জনকৈ লোক। আহত পাঁচজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

সংকটজনক পাঁচজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাৰ বিৱৰণীৰ মতে কলিয়াবৰৰ বামুণিৰ পৰা কলিয়াবৰৰ হাতীমুৰাত বনভোজ খাব আহিছিল বামুণিৰ ১৪ জনকৈ লোক।

বনভোজ খাই ঘৰলৈ উভতি যোবাৰ পথত হাতীমুৰাত পথৰ পৰা AS 02 BC 2072 বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাত সংঘটিত হয় দুৰ্ঘটনাতো।

এই দুৰ্ঘটনাত মহিলা, শিশু সহ ১৪ জনকৈ লোক আহত হয়।

স্থানীয় ৰাইজ আৰু জখলাবন্ধা আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ আহত লোকসকলক ততালিকে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে পাঁচজনক তেজপুৰলৈ প্ৰেৰণ কৰে।