NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ বালিপুখুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা : থিতাতে এজন নিহত, অন্য এজন আহত

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম May 17, 2021 5:53 pm
Biswanath

সোমবাৰে আবেলি ৪ মান বজাত বিশ্বনাথৰ বালিপুখুৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

অৰুণাচল প্ৰদেশৰ পৰা মেঘালয় অভিমুখে গৈ থকা মেঘালয়ৰ পঞ্জীয়নভুক্ত ML05Q1959 নম্বৰ হোণ্ডা এক্সিন্ট গাড়ী এখন নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাৰ ফলত গাড়ী থকা দুজন আৰোহীৰ ভিতৰত এজন থিতাতে নিহত হয়।

চালক শংকৰ ছেত্ৰী(৪৫) আৰু আনজন গুৰুতভাৱে আহত হোৱা ৰাজেশ য়াদবক(৪০) সংকটজনক অৱস্থাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

দুয়োজনৰ ঘৰ মেঘালয়ৰ শ্বিলঙত বুলি জানিব পৰা গৈছে।