NORTHEAST NOW (Assamese)
অসম

অশোক সিংহলৰ বিভাগত নিবিদাৰ নামত ব্যাপক দুৰ্নীতি : বক্ৰপথেৰে ঠিকা লাভ দুই কোম্পানীৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 5, 2024 12:18 pm

পোহৰলৈা আহিছে অসমৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ বিভাগত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ তথ্য। সিংহলৰ অধীনত থকা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগত নিবিদাৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ তথ্য ফাদিল হৈছে।

সিংহলৰ তত্বাৱধানত থকা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ পৌৰ প্ৰশাসন সঞ্চালকালয়ে ৬৫ কোটি টকা (৬৫,৫৮,১৮,৮২২ টকা)তকৈ অধিক মূল্যৰ নিবিদা বিতৰণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

পৌৰ প্ৰশাসন সঞ্চালকালয়ে অসমৰ ৩৯টা পৌৰ নিগমৰ লিগেচি ৱেষ্ট ৰিমেডিয়েশ্যন চাৰ্ভিচেছ বা আৱৰ্জনা ব্যৱস্থাপনাৰ নিবিদা জাননী জাৰি কৰিছিল। অসংখ্য আৱেদন লাভ কৰাৰ পাছতো অশোক সিংঘলৰ অধীনত বিভাগটোৱে উপযুক্ত বিকল্পক উপেক্ষা কৰি কমিছনৰ ভিত্তিত চুক্তিসমূহ অৰ্পণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

সৌৰভ আগৰৱালা নেতৃত্বাধীন ‘দয়া চৰণ এণ্ড সন্স’ আৰু ‘কল এণ্ড ফিক্স’ৰ যৌথ উদ্যোগক নিবিদা প্ৰদান কৰিছে বিভাগটোৱে। বৈজ্ঞানিক আৱৰ্জনা ব্যৱস্থাপনা প্ৰক্ৰিয়াৰ জৰিয়তে আৱৰ্জনা পেলোৱা ঠাই পৰিস্কাৰ কৰাৰ বাবে নিবিদা জাননীত কেইবাটাও চৰ্ত উল্লেখ কৰা হৈছিল। কিন্তু নিৰ্ধাৰিত চৰ্ত উলংঘা কৰি কল এণ্ড ফিক্স আৰু দয়া চৰণ এণ্ড সন্সৰ হাতক এই কামৰ ঠিকা প্ৰদান কৰা হয়।

নিবিদা জাননীত উল্লেখ কৰা কেইবাটাও চৰ্ত এই যৌথ উদ্যোগটোৱে উলংঘা কৰা বুলি জানিব পৰা গৈছে। ইয়াৰে এটা চৰ্ত হৈছে যে এই ক্ষেত্ৰখনত কাম কৰাৰ অভিজ্ঞতাৰ প্ৰমাণ দাখিল কৰাটো বাধ্যতামূলক আছিল। কিন্তু সংবাদ মাধ্যমে লাভ কৰা নথি-পত্ৰসমূহৰ পৰা স্পষ্ট হৈ পৰিছে যে কোম্পানী দুটাই সেই ক্ষেত্ৰত কাম কৰা অভিজ্ঞতাৰ প্ৰমাণ দাখিল কৰা নাই।