NORTHEAST NOW (Assamese)

প্ৰধানমন্ত্ৰী ফচল যোজনাৰ পুঁজিৰ পৰা কোটি কোটি টকা সৰকোৱা দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰ

July 14, 2023 5:58 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 14, 2023 6:46 pm

শুকুৰবাৰে গুৱাহাটী আৰক্ষীয়ে হাতীগাঁও অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে প্ৰধানমন্ত্ৰী ফছল বীমা যোজনাৰ ধন  হৰলুকি কাণ্ডৰ মাষ্টাৰমাইণ্ডক।

আঁচনিৰ হিতাধিকাৰীৰ বাবে আবণ্টিত কোটি কোটি টকা জালিয়াতিৰে ধন উলিওৱাৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত দিলোৱাৰ হুছেইন নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীয়ে তেওঁৰ হাতৰ পৰা ৫২১ খন এটিএম কাৰ্ড, ফিংগাৰপ্ৰিণ্ট মেচিন আৰু এটা ছোৱাইপ মেচিন জব্দ কৰে।

সূত্ৰই জনোৱা মতে, অভিযুক্তই জাল নথি-পত্ৰ ব্যৱহাৰ কৰি সৃষ্টি কৰা ভুৱা হিতাধিকাৰীৰ নামত পিএমএফৱাইবিৰ পুঁজিৰ পৰা কোটি কোটি টকা উলিয়াই নিয়াৰ অভিযোগ উত্থাপন হৈছে।

অভিযুক্তৰ বিৰুদ্ধে আই পি চিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হয়।

ইয়াৰ পূৰ্বে এপ্ৰিল মাহত অসম আৰক্ষীয়ে মৰিগাঁও জিলাৰ ২০ জন ভিন্ন ভুৱা হিতাধিকাৰীৰ পৰা ৬০ লাখ টকাৰ প্ৰৱঞ্চনাৰে পিএমএফৱাইবিৰ পুঁজি উলিওৱাৰ সৈতে জড়িত এক বৃহৎ ৰেকেটক ভাঙি পেলাইছিল।

Related News