NORTHEAST NOW (Assamese)

টেষ্ট অভিষেকৰ ৫০ বৰ্ষপূৰ্তি; গাভাস্কাৰক বিশেষ সন্মানেৰে সন্মানিত কৰিব মুম্বাই ক্ৰিকেট সংস্থাই

February 1, 2021 10:43 am · এন ই নাও নিউজ
সুনীল গাভাস্কাৰ।

ভাৰতীয় তথা বিশ্ব ক্ৰিকেটৰ এগৰাকী জীৱন্ত কিংবদন্তি সুনীল মনোহৰ গাভাস্কাৰক অভিনৱ ধৰণে সন্মানিত কৰিবলৈ আগবাঢ়িছে মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যন অৰ্থাৎ এমচিএই। গাভাস্কাৰ বৰ্তমান এগৰাকী ধাৰা ভাষ্যকাৰ হিচাপে কৰ্মৰত।

ৱাংখাড়ে ষ্টেডিয়ামত খেলুৱৈগৰাকীৰ নামত বিশেষ বক্স লাভ কৰিছে প্ৰাক্তন ভাৰতীয় অধিনায়ক গাভাস্কাৰে।

১৯৭১ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটোৱাৰ পাছত ভাৰতীয় ক্ৰিকেটৰ বাবে এক স্বৰ্ণিল অধ্যায়ৰ সূচনা কৰি গৈছে এই মহান ক্ৰিকেটাৰগৰাকীয়ে।

গাভাস্কাৰৰ টেষ্ট অভিষেকৰ ৫০ বৰ্ষপূৰ্তি উপলক্ষে তেওঁক মুম্বাই ক্ৰিকেট এছ’চিয়েশ্যনে এই বিশেষ সন্মান আগবঢ়াইছে।

বাতৰি অনুসৰি, অহা ৯ মাৰ্চত ৱাংখেড়ে ষ্টেডিয়ামত গাভাস্কাৰৰ নামত নিৰ্মাণ কৰা বক্সৰ উদ্বোধন কৰি কিংবদন্তি ক্ৰিকেটাৰগৰাকীক সম্বৰ্দ্ধনা জনোৱা হ’ব। এই বক্সত ১০-১২খন আসন থাকিব।

১৯৭১চনৰ ৬ মাৰ্চত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক টেষ্টত গাভাস্কাৰে ৬৫ আৰু অপৰাজিত ৬৭ৰাণৰ দুটা ইনিংছ খেলিছিল।

অভিষেক টেষ্ট ছিৰিজতে মুঠ ৭৭৪ৰাণ কৰি গঢ়ি থোৱা তেওঁৰ অভিলেখ এতিয়াও কোনেও ভাঙিব পৰা নাই।

Related News