NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথ চাৰিআলি জিলা কাৰাগাৰত যক্ষ্মা ৰোগ আৰু এইচ আই ভিৰ ওপৰত স্বাস্থ্য শিবিৰ

Posted by: কাজি জেইদুল ইছলাম October 9, 2018 9:18 pm
Biswanath jail
শোণিতপুৰ জিলা যক্ষ্মা কেন্দ্ৰৰ উদ্যোগত দ্বিতীয় বাৰৰ বাবে আজি বিশ্বনাথ জিলা কাৰাগাৰৰ কাৰাবন্দী সকলৰ মাজত এক্টিভ টি বি-এইচ আই ভি স্কিনিং এণ্ড এৱাৰনেছ শীৰ্ষক এক স্বাস্থ্য সজাগতা শিবিৰ আৰু সভা অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত শোণিতপুৰ জিলাৰ জিলা যক্ষ্মা বিষয়া ড0 সঞ্জয় ৰয়, বিশ্বনাথ জিলা কাৰাগাৰৰ অধীক্ষক দেৱ কুমাৰ গগৈ, কাৰাগাৰ চিকিৎসক গনেশ চন্দ্ৰ ঠাকুৰ, সদৌ অসম যক্ষ্মা কৰ্মচাৰী সন্থাৰ সভাপতি ৰাজীৱ মেধি, জিলা যক্ষ্মা কেন্দ্ৰৰ কৰ্মচাৰী, বিশ্বনাথ চাৰিআলি যক্ষ্মা গোটৰ কৰ্মচাৰী এইচ আই ভি পৰীক্ষা কেন্দ্ৰৰ কৰ্মচাৰী সকল উপস্থিত থাকে।
অনুষ্ঠানত ভাৰতৰ পৰা যক্ষ্মা ৰোগ সম্পূৰ্নৰূপে নিৰ্মূল কৰনৰ লগতে এই ৰোগৰ লক্ষণ, যক্ষ্মা ৰোগৰ পৰীক্ষা,চিকিৎসা পদ্ধতি আৰু সামাজিক দায়বদ্ধতা বিষয়ে বিস্তৃতভাবে আলোচনা কৰা হয়।
সভাৰ অন্তত কাৰাবন্দীসকলৰ সকলৰ পৰা খেকাৰৰ নমুনা আৰু এইচ আই ভি পৰীক্ষাৰ বাবে তেজৰ নমুনা স‌ংগ্ৰহ কৰা হয়।