NORTHEAST NOW (Assamese)
অসম

পাক অধিকৃত কাশ্মীৰত গ্ৰহণ কৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী বৈধ নহ’ব ভাৰতত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2020 6:05 pm
medical

 

ভাৰত আৰু পাকিস্তানৰ মাজত নানান বিষয়ক লৈ সংঘাত চলি থকাৰ মাজতে মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই এই বুলি ঘোষণা কৰিছে যে পাক অধিকৃত কাশ্মীৰত গ্ৰহণ কৰা চিকিৎসা বিজ্ঞানৰ কোনেো ডিগ্ৰী ভাৰতত বৈধ হিচাবে গণ্য কৰা নহ’ব আৰু এনে ডিগ্ৰী গ্ৰহণ কৰা সকলে ভাৰতত কোনো ধৰণৰ চিকিৎসা সেৱা আগবঢ়াব নোৱাৰিব।

এম চি আই-এ এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে পাক অধিকৃত কাশ্মীৰ ভাৰতৰে অংগ।

পাক অধিকৃত কাশ্মীৰ অথৱা লাডাখত কোনো চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ বাবে মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়াৰ পৰা অনুমতি লোৱাটো প্ৰয়োজনীয় কথা।

কিন্তু পাক অধিকৃত কাশ্মীৰৰ কোনো এখন এনে প্ৰতিষ্ঠানে এম চি আইৰ পৰা কোনো অনুমতি লোৱা নাই।

সেয়ে পাক অধিকৃত কাশ্মীৰৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লোৱা কোনো লোককে ভাৰতত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ দিয়া নহ’ব।

উল্লেখ্য পাক অধিকৃত কাশ্মীৰত স্থাপন কৰা চিকিৎসা প্ৰতিষ্ঠানত কাশ্মীৰ আৰু দেশৰ অন্যান্য প্ৰান্তৰ পৰা গৈ বহু শিক্ষাৰ্থীয়ে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম গ্ৰহণ কৰি আছে।