NORTHEAST NOW (Assamese)
অসম

সনাতনৰ হত্যাকাৰীক হিন্দু-মুছলমানৰ দৃষ্টিৰে নাচাই অপৰাধী হিচাপে শাস্তি দিয়ক : মীৰা বৰঠাকুৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 28, 2020 7:52 pm
7a506d02-192f-4737-80ec-a65fe93b7854

আজি বিয়লি ভাগত হাজোৰ মানাহকুচি গাঁৱস্থিত মৃত সনাতন ডেকাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোক সান্তনা দিয়ে অসম সংগ্ৰামী মঞ্চৰ কাৰ্য্যকৰী সভাপতি অদীপ ফুকন,সমাজকৰ্মী মীৰা বৰঠাকুৰ ৰাছেল হুছেইন,কমল কুমাৰ মেধি,লুচি নেওগ আৰু সঞ্জীৱ দত্তই।

শোকস্তব্ধ পৰিয়ালৰ খবৰ লৈ আহি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত মীৰা বৰঠাকুৰে কয়, ‘সকলোলৈ অনুৰোধ, সনাতন হত্যাকাৰীক হিন্দু-মুছলমান দৃষ্টিৰে নাচাই অপৰাধী হিচাপে গণ্য কৰি শাস্তি দিয়ক।‘

ইপিনে, মৃত সনাতন ডেকাৰ ঘৰ খনৰ অৱস্থা অতিকৈ দুখজনক বুলি উল্লেখ কৰি বৰঠাকুৰে লগতে চৰকাৰলৈ অনুৰোধ জনাই কয়,‘পৰিয়ালটোক স্থায়ীভাৱে এক আৰ্থিক সংস্থাপনৰ ব্যৱস্থা কৰি হত্যাকাৰীক দৃষ্টান্তমুলক শাস্তি দিয়া উচিত ৷’

আনহাতে, নৃশংস আক্ৰমণৰ বলি হৈ মৃত্যু হোৱা সনাতন ডেকাৰ ঘৰত আজি উপস্থিত হৈ শোক প্ৰকাশ কৰি অদীপ ফুকনে কয়, ‘এটা জৰাজীৰ্ণ গৃহত বসবাস কৰা পৰিয়ালটোক হাড়ভঙা পৰিশ্ৰম কৰি পোহপাল দিছিল সনাতনে। একমাত্ৰ উপাৰ্জনকাৰীজনক হেৰুৱাই পৰিয়ালটোৱে আজি দিক বিদিক হেৰুৱাই পেলাইছে।

সনাতনৰ হত্যাকাণ্ডত জড়িত আটাইকেইজন অপৰাধীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় ফুকনে।

তেওঁ লগতে কয়, ‘দুৰ্ভগীয়া পৰিয়ালটোক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰক দাবী জনাইছো। লগতে পৰিয়ালটোৰ অন্তত: এজনক তৎকালে স্থায়ী সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্য মন্ত্ৰী ডাঙৰীয়াক বিশেষভাৱে আহ্বান জনাইছো।‘

এই ঘটনাটোৰ আলম লৈ কোনেও যাতে সাম্প্ৰদায়িক বিষবাস্প ছটিয়াব নোৱাৰে তাৰ প্ৰতি সজাগ হ’বলৈ সকলোকে ফুকনে আহ্বান জনায়।