NORTHEAST NOW (Assamese)
দেশ

অটল,দৃঢ়,একাগ্ৰ! ৭৩ বাৰ প্ৰিলিমছ্‌ আৰু ৪৩ বাৰ মেইন্‌ছত অৱতীৰ্ণ হোৱা ৪৭ বছৰীয়া ব্যক্তিজন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 17, 2024 10:03 am

ইউপিএছচি পৰীক্ষাত সফলতা লাভ কৰাটো বহুতৰে বাবে এক সপোন। বহুতে পৰীক্ষাটোত উত্তীৰ্ণ হোৱাটোক নিজৰ জীৱনৰ একমাত্ৰ লক্ষ্য কৰি লয়। তেনে এজন ব্যক্তি হৈছে নতুন দিল্লীৰ মুখাৰ্জী নগৰত বাস কৰা আটাইতকৈ পুৰণি চৰকাৰী চাকৰিৰ আকাংক্ষী পুস্পেন্দ্ৰ শ্ৰীবাস্তৱ। শ্ৰীবাস্তৱৰ বয়স ৪৭ আৰু ইতিমধ্যে যোৱা ২৭ বছৰত ৰাজ্যিক আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বাবে ৭৩টা প্ৰাৰম্ভিক পৰীক্ষা, ৪৩টা মেইন্‌ছ পৰীক্ষা আৰু ৮টা সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছে।

২৪ বছৰ পূৰ্বে মুখাৰ্জী নগৰলৈ অহা শ্ৰীবাস্তৱে দৃষ্টি আই এ এছ কোচিং ইনষ্টিটিউটত আই পি এছ মনোজ শৰ্মা আৰু আই আৰ এছ শ্ৰদ্ধা শৰ্মাৰ সৈতে বিকাশ দিব্যাকীৰ্তিৰ সহায়ত অধ্যয়ন কৰিছিল।

শ্ৰীবাস্তৱৰ পিতৃ-মাতৃ দুয়োজনেই শিক্ষক আছিল আৰু তেৱোঁ এজন শিক্ষক হোৱাটো বিচাৰিছিল। তেওঁৰ ঘৰ মধ্যপ্ৰদেশৰ চটাৰপুৰ জিলাৰ। বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত তেওঁ বি এড আৰু এমপিপিচিএছৰ ফৰ্ম পূৰণ কৰি দুয়োটা পৰীক্ষা ক্লিয়াৰ কৰিলে৷শ্ৰীবাস্তৱৰ দৃষ্টি আমোলাতন্ত্ৰৰ ওপৰত আছিল আৰু এলাহাবাদলৈ গৈ ইউ পি এছ চিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল, তাৰ পাছত তিনি বছৰৰ পিছত দিল্লীলৈ স্থানান্তৰিত হৈছিল। ২০০৯ চনৰ পৰা মুখাৰ্জী নগৰৰ একেটা এক কোঠাৰ এপাৰ্টমেণ্টতে থাকি ভাড়া হিচাপে ৭৫০ টকা দিছিল যি এতিয়া ১২ হাজাৰ টকালৈ বৃদ্ধি পাইছে।

শ্ৰীবাস্তৱে বছৰ বছৰ ধৰি ৯খন হিন্দী ভাষী আয়োগৰ বাবে অনুষ্ঠিত কৰা প্ৰতিটো জনসেৱা আয়োগৰ বাবে পৰীক্ষাৰ চেষ্টা কৰিছে।তেওঁৰ পৰিয়ালে তেওঁক আৰ্থিকভাৱে সহায় কৰে আৰু তেওঁ এটা কোচিং ইনষ্টিটিউটতো কাম কৰে। শ্ৰীবাস্তৱৰ কনিষ্ঠ ভাতৃ জয়েন্দ্ৰ, মধ্যপ্ৰদেশৰ এজন অধিবক্তা।