NORTHEAST NOW (Assamese)
Popular Stories

Struggling For Livelihood: দুখুনী মাতৃৰ জীৱন সংগ্ৰাম; নিশাও কনমানি সন্তানক লৈ পাঠশালাৰ পথত বিচাৰি ফুৰে পেলনীয়া বটল

Posted by: শশাংক তালুকদাৰ, বজালী Updated by: শশাংক তালুকদাৰ, বজালী December 7, 2021 12:08 pm
struggling for livelihood

Struggling For Livelihood পাঠশালাৰ এগৰাকী মাতৃৰ কঠিন জীবন সংগ্ৰামৰ কাহিনী এয়া। নিজৰ ছবছৰীয়া কণমানি ছোৱালীজনীক লৈ নিশাও ৰাজপথত বিচাৰি ফুৰে পেলনীয়া বটল l প্ৰতিদিনে চলে মহিলাগৰাকীৰ এনে জীৱন সংগ্ৰাম l

যি সময়ত পাঠশালাৰ ৰাইজ নিদ্ৰাদেৱীৰ কোলাত পৰে, যি সময়ত আপোনাৰ মোৰ সন্তান শীতৰ ক্ষণত জিৰণি লয়, সেই সময়তে এগৰাকী মাতৃয়ে নিজৰ কণমানি ৬ বছৰীয়া ছোৱালীকলৈ প্ৰতিদিনে পাঠশালা নগৰত প্লাষ্টিকৰ বটল বা পেলনীয়া সামগ্ৰী বিচাৰি ফুৰে।

 এই বটলবোৰ পিছদিনা বিক্ৰী কৰি মহিলাগৰাকীয়ে ১০০ বা ১৫০ টকা লাভ কৰে।

কঠিন পৰিৱেশত এতিয়া এই মাতৃগৰাকীয়ে দুই সন্তানৰ দায়িত্ব পালন কৰিছে l   কালি নিশা প্ৰায় ১০বাজি ৪৫ মিনিট যোৱাৰ সময়তো মহিলাগৰাকীক দেখা গ’ল পথৰ দাঁতিত পেলনীয়া বটল বিচাৰি ফুৰা।  

Also Read: কৃষিকৰ্মৰে স্বাৱলম্বী হোৱাৰ সপোন; জাঁজীমুখৰ অমিয়ই সৰিয়হ খেতিৰে দেখুওৱাইছে আদৰ্শ

পাঠশালাত ভাড়াতীয়া হিচাপে থকা স্বামীহাৰা মহিলাগৰাকীয়ে ৰাতিপুৱাৰে পৰা এখন চাহ দোকানত বাচন-বৰ্তন ধোৱা কাম কৰি নিশা এনেদৰে কঠোৰ পৰিশ্ৰম কৰি নিজৰ লগতে দুই সন্তানৰো পেটৰ ভাতমুঠি মোকলাইছে l

চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা এই মহিলাগৰাকীৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে কোনো হৃদয়বান লোকৰ এধানি দৃষ্টি আশা কৰিব পাৰেনে? কিয়নো চৰকাৰৰ দৃষ্টিত তেওঁ যে হিতাধিকাৰী হোৱাৰ যোগ্যতাও লাভ কৰা নাই!