NORTHEAST NOW (Assamese)
অসম

বান বিধস্ত বোকাখাত সমষ্টিৰ ক্ষয় ক্ষতিৰ বুজ লৈ বিভিন্ন বিভাগৰ বিষয়াৰে কৃষি মন্ত্রী অতুল বৰাৰ বৈঠক

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া August 16, 2020 6:11 pm
IMG-20200816-WA0017~2

বোকাখাত বিধান সমষ্টিৰ বিধায়ক কৃষিমন্ত্ৰী অতুল বৰাই আজি বোকাখাত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলতি হয়।

বৈঠকত মন্ত্রীগৰাকীয়ে শেহতীয়া বানপানীত মহকুমাটোত হােৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উপৰিও মহকুমাটোত বানপানীত ক্ষতিগ্রস্ত হােৱা কৃষিভূমিৰ বিস্তৃত তথ্য কৃষি বিভাগক দাখিল কৰিবলৈ আৰু ক্ষতিগ্রস্ত কৃষক ৰাইজক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে ক্ষতিপূৰ্ণ দিয়াৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা লবলৈ নির্দেশ দিয়ে।

বানপানীত মহকুমাৰ বিভিন্ন অঞ্চলত হােৱা পশুধনৰ ক্ষয় ক্ষতিৰাে সবিশেষ বুজ লৈ মন্ত্রীগৰাকীয়ে প্রতি গৰাকী ক্ষতিগ্রস্ত পশু পালকে যাতে দুর্যোগ ব্যৱস্থাপনা বিভাগৰ জৰিয়তে ক্ষতিপূৰণ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ পশু পালন বিভাগৰ বিষয়াক নির্দেশ দিয়ে।

গড়কাপ্তানী বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে শেহতীয়া বানত মহকুমাটোত হােৱা বাট-পথ, দলং আদি ক্ষয় ক্ষতিৰো আলােচনা কৰি মন্ত্ৰী অতুল বৰাই ক্ষতি হােৱা পথ তথা দলংসমূহ তাৎক্ষনিক ভাৱে মেৰামতিৰ কৰিবলৈ গড়কাপ্তানি বিভাগক নির্দেশ দিয়ে।

একেদৰে বানপানীত ক্ষতিগ্রস্ত হােৱা স্বাস্থ্য বিভাগৰ হালধিবাৰী আৰু ধনশিৰীমূখত থকা দুটাকৈ উপ-স্বাস্থ্য কেন্দ্রৰ মেৰামতিৰ বিষয়ে আলােচনা কৰাৰ লগতে খণ্ড প্রাথমিক শিক্ষা বিষয়াক  মহকুমাটোত বানপানীত ক্ষস্তি হােৱা বিদ্যালয়সমূহৰ তালিকা দুর্যোগ ব্যৱস্থাপনা বিভাগক জমা দিবলৈ নির্দেশ দিয়ে।

মন্ত্ৰী অতুল বৰাই জলসম্পদ বিভাগৰ অধীনত বর্তমান সময়ত চলি থকা বিভিন্ন আঁচনিসমূহৰ ওপৰতাে বিভাগীয় বিষয়াৰে আলােচনা কৰে। জলসম্পদ বিভাগৰ বিষয়াক আঁচনিসমূহৰ কাম ত্ৰুতিহীন ভাৱে সম্পূর্ণ কৰিবলৈকো নির্দেশ দিয়ে।

বৈঠকত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম, ৰাজহ চক্র বিষয়া মানস কুমাৰ নাথ, সহকাৰী আযুক্ত ৰণনময় ভৰদ্বাজ, ৰাজহ চক্র বিষয়া (সংলগ্ন) শ্বাগুফতা অঞ্জম চোহেলীও উপস্থিত থাকে।