NORTHEAST NOW (Assamese)
অসম

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

Posted by: চানু গগৈ Updated by: চানু গগৈ January 19, 2021 4:57 pm
a mori

আজি মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পুৱা ১১-৩০ বজাত অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাৰ সঞ্চালনাত আগন্তুক গণৰাজ্য দিৱস উদযাপনৰ সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

সভাত অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে গণৰাজ্য দিৱসৰ কাৰ্যসূচী সম্পৰ্কে বিশদ বিৱৰণ দাঙি ধৰাৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া সকলক নিষ্ঠা আৰু দায়বদ্ধতাৰে কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায় ।

আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তি অশোক ডেকা, অৱসৰ প্ৰাপ্ত বিষয়া, লেখক তথা সমাজ কৰ্মী শ্ৰীযুত মিলেশ্বৰ পাটৰ, ডাঃ নকুল বৰুৱা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া সকলৰ লগতে জিলাখনৰ স্বেচ্ছাসেৱী সংগঠনৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।