NORTHEAST NOW (Assamese)

চামগুৰিত শক্তি বিভাগৰ মেগা ট্ৰাঞ্চফৰ্মাৰ উদ্বোধন

June 20, 2020 8:52 pm · বিদ্যুত জ্যোতি বৰা

এ পি ডি চি এল, এ ই জি চি এল আৰু এ পি জি চি এলৰ অধ্যক্ষ ভি. কে. পিপাৰচিনিয়াই শনিবাৰে নগাওঁ চামগুৰিত এক মেগা ট্ৰাঞ্চফৰ্মাৰ উদ্বোধন কৰে৷

মধ্য অসমৰ বিশেষকৈ নগাঁও,মৰিগাঁও আৰু হোজাই জিলাবাসী ৰাইজৰ দীৰ্ঘদিনীয়া বিদ্যুতৰ সমস্যা সমাধান কৰা উদ্দেশ্যে এই ট্ৰান্সফৰ্মাৰটো মুকলি কৰা হৈছে।

১৬০ এম ভি এ শক্তিসম্পন্ন উক্ত ট্ৰাঞ্চফৰ্মাৰটো উদ্বোধন কৰি অধ্যক্ষগৰাকীয়ে কয় যে ৰাজ্যখনত গ্ৰীষ্মৰ কালচোৱাত সঘনাই সৃষ্টি হোৱা বিদ্যুৎ সংকত দূৰ কৰিবলৈ তথা ৰাইজক নিয়মীয়া বিদ্যুৎ যোগান ধৰিবলৈ পাৱাৰ গ্ৰীডযোগে চামগুৰিস্থিত পাৱাৰ ষ্টেচনৰ পৰা ২৪ঘণ্টাই বিদ্যুৎ যোগান ধৰিবৰ বাবেই এই বিশেষ সংযোজন কৰা হৈছে৷

শক্তি বিভাগৰ বহুকেইজন উচ্চপদস্থ বিষয়াই চামগুৰিস্থিত এ এছ ই বিৰ কন্ট্ৰল ৰুম এলেকাত সংস্থাপিত উক্ত উচ্চ ক্ষমতাসম্পন্ন মেগা ট্ৰাঞ্চফৰ্মাৰটোৱে মধ্য অসমৰ নগাঁও,মৰিগাঁও,হোজাই, কাৰ্বি আংলং,তেজপুৰ আদিতো পূৰ্বতকৈ অধিক সুচাৰুৰূপে শক্তি বিতৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি সদৰী কৰে৷

লগতে এই ট্ৰাঞ্চফৰ্মাৰটোৰ জড়িয়তে সকলো গ্ৰাহককে সমান ভল্টেজৰ বিদ্যুত যোগান ধৰিব পাৰিব বুলি জানিবলৈ দিয়ে৷

অনুষ্ঠানত দীপাংকৰ ডেকা, ধ্ৰুৱজ্যোতি হাজৰিকা, দীপাংকৰ দিহিঙ্গীয়া, ভূপেন কুমাৰ গোস্বামী, পঙ্কজ কুমাৰ শ‌ইকীয়াকে ধৰি শক্তি বিভাগৰ বহুকেইগৰাকী বিষয়া উপস্থিত থাকে৷

Related News