NORTHEAST NOW (Assamese)
উত্তৰ-পূব

সীমান্তৰে অনুপ্ৰৱেশৰ প্ৰচেষ্টা: পাঁচ বাংলাদেশী নাগৰিকসহ ১০ ব্যক্তিক আটক বিএছএফ-ৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2023 11:55 am
Bangladeshi nationals arrested

বসতি স্থাপনৰ উদ্দেশ্যে মেঘালয়ত অনুপ্ৰৱেশৰ চেষ্টা কৰা ৫ বাংলাদেশী নাগৰিকসহ ১০ গৰাকী ব্যক্তিক আটক কৰিছে সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ বিএছএফ- এ। এক যুটীয়া অভিযানত মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাত ব্যক্তিকেইগৰাকীক আটক কৰা হয়।

বিএছএফে এক নিৰ্দিষ্ট সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি দলটোৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টাক বাধা দিয়ে বুলি সদৰী কৰিছে। দলটোত ৫ গৰাকী বাংলাদেশী নাগৰিকৰ লগতে ৫ গৰাকী ভাৰতীয় ব্যক্তি আছিল।

ধৃত দলটোৱে দাওকি-আমলাৰেম ঘাইপথত যাত্ৰা কৰি থকাৰ সময়তে অভিযানকাৰী বিএছএফ-ৰ দলটোৱে আটক কৰে।

এই সন্দৰ্ভত বিএছএফৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, তেওঁলোকে অবৈধভাৱে সীমান্ত অতিক্ৰম কৰিছিল আৰু বসতি স্থাপনৰ উদ্দেশ্যে পশ্চিম জয়ন্তীয়া পাহাৰ জিলাত প্ৰৱেশ কৰিছিল।

প্ৰাথমিক জেৰাৰ সময়ত, আটকাধীন ব্যক্তিসকলে এই কথা স্বীকাৰ কৰিছে বুলি বিএছএফৰ বিষয়াগৰাকীয়ে উল্লেখ কৰে। অভিযানকাৰী দলটোৱে প্ৰাথমিক অনুসন্ধানৰ পিছত আটক কৰা ব্যক্তিসকলক স্থানীয় আৰক্ষীৰ হাতত গতাই দিয়ে।

মেঘালয় আৰক্ষীয়ে পৰৱৰ্তী সময়ত নিৰ্দিষ্ট আইনৰ অধীনত ব্যক্তি দহগৰাকীক গ্ৰেপ্তাৰ কৰে। লক্ষণীয়াভাৱে, এই অভিযানত গ্ৰেপ্তাৰ হোৱা ৫ বাংলাদেশী নাগৰিকসহ চলিত বৰ্ষত বিএছএফৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা বাংলাদেশী নাগৰিকৰ সংখ্যা ২৬ জনলৈ বৃদ্ধি পাইছে।