NORTHEAST NOW (Assamese)
অসম

শ্বিলঙত স্বাধীনতা সংগ্ৰামৰ চহিদক সোঁৱৰণেৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 15, 2019 4:39 pm
C Changma I Day celebration

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই বৃহস্পতিবাৰে শ্বিলঙৰ প’লো গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে।

স্বাধীনতা দিৱসত ৰাজ্যবাসীক সম্বোধন কৰি দিয়া ভাষণত মুখ্য মন্ত্ৰী চাংমাই শ্বহীদ সকললৈ শ্ৰাদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে স্বাধীনতা সংগ্ৰামীসকললৈ কৃতজ্ঞতা জনায়।

তেওঁ মহাত্মা গান্ধীৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত অৱদান আগবঢ়োৱা মেঘালয়ৰ স্বাধীনতা সংগ্ৰামী য়ু টিৰত সিং, য়ু কিয়াং নাগবাহ আৰু পা তোগান চাংমাকে ধৰি সকলো স্বাধীনতা সংগ্ৰামীলৈ শ্ৰদ্ধা নিবেদন কৰে।

আনহাতে, মেঘালয়ৰ অৰ্থনৈতিক অগ্ৰগতিৰ হাৰ বৃদ্ধি কৰাৰ ক্ষেত্ৰত চাংমাই পৰ্যটনক মেঘালয়ৰ অৰ্থনৈতিক বিকাশৰ মূল আহিলা হিচাপে উল্লেখ কৰে।

তদুপৰি, উচ্চতম ন্যায়ালয়ে ২০১৪ চনৰ পৰা কয়লা খননৰ ওপৰত থকা নিষেধাজ্ঞা আতৰোৱাৰ বাবে দিয়া ৰায় ৰাজ্যখনৰ লোকসকলৰ বাবে এক বৃহৎ বিজয় হিচাপেও চাংমাই অভিহিত কৰে।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশে ৰাজ্যৰ অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰাত সহায় কৰাৰ লগতে কয়লা খনন ক্ষেত্ৰখনক পুনৰ উজ্জীৱিত কৰিব বুলিও চাংমাই মন্তব্য কৰে।

অনুষ্ঠানত মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনত বিশেষকৈ গাৰো পাহাৰ অঞ্চলত চলিত বানপানীৰ ফলত প্ৰাণ হেৰুৱা লোকসকলৈও গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।