NORTHEAST NOW (Assamese)
অসম

অতুল বৰাই নোৱাৰিলেও কনৰাড চাংমাৰ ঘোষণা : বিজেপিৰ সৈতে নহয় এন পি পিয়ে নিজৰ শক্তিৰে নিৰ্বাচন খেলিব

Posted by: এন ই নাও নিউজ March 13, 2019 10:35 am
Conrad sangma

লোকসভা নির্বাচনৰ পূৰ্বে এন পি পিয়ে বিজেপিৰ সৈতে কোনোধৰণৰ মিত্ৰতা নকৰাৰ ঘোষণা কৰিছে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই। মঙলবাৰে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক দলৰ নেতৃত্বৰ সৈতে হোৱা বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা মুখামুখিত এই কথা ৰাজহুৱা কৰে কনৰাড চাংমাই।

সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক লোকসভা নিৰ্বাচনত এন পি পিয়ে অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ২৫ খন আসনত প্ৰাৰ্থীত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

‘‘এন পি পিৰ নিজা আদৰ্শ আৰু অস্তিত্ব আছে সেয়েহে আমি অকলে নিজৰ ভৰিত থিয় দি নিৰ্বাচনত অৱতীৰ্ণ হম। আমি মণিপুৰত, মেঘালয়ত,নাগালেণ্ডত বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছো আৰু আগন্তুক লোকসভা নিৰ্বাচনতো অৱতীৰ্ণ হ’ম’’ এই দৰে সংবাদ মাধ্যমৰ আগত সততাৰে মন্তব্য কৰে কনৰাড চাংমাই।

আনহাতে, অগপ আৰু বিজেপিৰ মিত্ৰতা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰ এৰাই চলি সেয়া দুয়োটা দলৰ নিজা সিদ্ধান্ত বুলি উল্লেখ কৰি কনৰাড চাংমাই এন পি পিয়ে সদায় উত্তৰ-পূ্ৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে কাম কৰি যোৱাৰ বাবে বদ্ধপৰিকৰ বুলি কয়।

কনৰাড চাংমাৰ লগত বৈঠকত উপস্থিত থাকে মণিপুৰৰ উপ মুখ্য মন্ত্ৰী আৰু ৰাজ্যখনৰ এন পি পিৰ নেতৃত্ব।

উল্লেখযোগ্য যে, কনৰাড চাংমাৰ শক্তিশালী স্থিতিৰ বিপৰীতে অসমৰ আঞ্চলিক দল বুলি নিজকে পৰিছয় দিয়া অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই মঙল বাৰে নিশা একেখন হোটেলতে বিজেপিৰ নেতৃত্বৰ লগত হোৱা বৈঠকত একমাত্ৰ নিজৰ গাদী ৰক্ষাৰ স্বাৰ্থত আগন্তক লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।