NORTHEAST NOW (Assamese)
মেঘালয়

ক’ভিদত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 21, 2022 7:12 pm
Conrad Sangma

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ শৰীৰত ক’ভিদৰ উপস্থিতি ধৰা পৰিছে। এক টুইটযোগে চাংমাই ক’ভিদত আক্ৰান্ত হোৱাৰ কথা সদৰি কৰিছে।

ক’ভিদ সংক্ৰমণৰ বাবে সম্প্ৰতি প্ৰয়োজনীয় সময়ৰ বাবে নিজকে আইচ’লেশ্যনত ৰাখিছে কনৰাড চাংমাই। টুইট যোগে চাংমাই তেওঁৰ শৰীৰত ক’ভিদৰ মৃদু লক্ষণে দেখা দিছে বুলি উল্লেখ কৰে।

তেওঁ লগতে যোৱা কেইদিনমানৰ পৰা তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে তেওঁলোকৰ লক্ষণবোৰ পৰ্যবেক্ষণ কৰিবলৈ আৰু প্ৰয়োজন হ’লে পৰীক্ষা কৰিবলৈ অনুৰোধ জনায়।

 

উল্লেখ্য যে আজি পুৱা কনৰাড চাংমাই ক’ভিদৰ লক্ষণ অনুভৱ কৰাৰ পিছত নিজকে আইচ’লেশ্যনত ৰাখিছিল।

চাংমাৰ অনুপস্থিতিত শ্বিলঙত ৰাজ্য দিৱসৰ অনুষ্ঠান উপ মুখ্যমন্ত্ৰী প্ৰেষ্টেন টিনচঙে উদ্বোধন কৰিছিল।