NORTHEAST NOW (Assamese)
অসম

শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামৰ উন্নয়ণৰ বাবে ১২৫ কোটি টকাৰ অনুমোদন মেঘালয় চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2020 5:11 pm

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই শ্বিলঙত থকা জৱাহৰলাল নেহৰু ক্ৰীড়া প্ৰকল্প অতি সোনকালে উন্নতৰ কৰিব বুলি জানিবলৈ দিয়ে।

বৃহস্পতিবাৰে, মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ে শ্বিলঙৰ জৱাহৰলাল নেহৰু ক্ৰীড়া প্ৰকল্পৰ উন্নয়নৰ বাবে ১২৫ কোটি টকা মোকালাই দিয়াৰ বাবে সন্মতি প্ৰকাশ কৰে।

মেঘালয়ৰ ক্ৰীড়া মন্ত্ৰী বেণ্টেইদোৰ লিংডোৰ উপস্থিতিত পৰিকল্পনা, বিত্ত বিভাগ আৰু ক্ৰীড়া বিভাগৰ বিষয়াৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

”শ্বিলঙত থকা জৱাহৰলাল নেহৰু ক্ৰীড়া প্ৰকল্পৰ উন্নয়ণ আৰু ক্ৰীড়া আন্তঃগাঠনিৰ বাবে মেঘালয় চৰকাৰে ১২৫ কোটি টকাৰ মঞ্জুৰী দিয়ে,” মুখ্য মন্ত্ৰী কনৰাড চাংমাই কয়।

ৰাজ্যখনৰ ক্ৰীড়া মন্ত্ৰী আৰু অন্যান্য বিভাগৰ বিষয়া সকলৰ উপস্থিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলিও চাংমাই লগতে কয়।

শ্বিলঙত থকা জৱাহৰলাল নেহৰু ক্ৰীড়া প্ৰকল্পৰ উন্নয়নে ৰাজ্যখনৰ ক্ৰীড়া প্ৰতিভা সমূহৰ উচিত বিকাশত সহায় কৰিব বুলিও মুখ্য মন্ত্ৰী চাংমাই আশা প্ৰকাশ কৰে।