NORTHEAST NOW (Assamese)

মেঘালয়ত ৰাজা ৰঘূবংশী হত্যাকাণ্ডৰ পাছত ব্যক্তিগত মালিকানাধীন স্কুটাৰ আৰু গাড়ী ভাড়াত দিয়াত নিষেধাজ্ঞা

June 17, 2025 5:24 pm · এন ই নাও নিউজ, গুৱাহাটী

পত্নী ছোনম ৰঘুবংশীৰ বিৰুদ্ধে মেঘালয়ত মধুচন্দ্ৰিকা উদযাপন কৰিবলৈ অহাৰ সময়ত স্বামী ৰাজা ৰঘুবংশীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। শ্বিলঙৰ হোমষ্টেৰ পৰা স্কুটি চলাই নিৰুদ্দেশ হৈছিল ৰাজা-ছোনম। প্ৰায় সাত দিনৰ মূৰত খাৱৈৰ পৰা ৰাজাৰ পচি যোৱা মৃতদেহটো উদ্ধাৰ কৰা হয়। এই ঘটনাৰ বাবে মেঘালয়ত ব্যক্তিগত মালিকানাধীন বাহন (দুচকীয়া আৰু চাৰিচকীয়া বাহন) ভাড়াত দিয়াত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। চৰকাৰে বান্ধি দিয়া নিয়ম মানি নচলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব। ডাঙৰ জৰিমনাও হব পাৰে।

১৩ জুনত মণিপুৰৰ পৰিবহণ আয়ুক্ত ডেভিদ ডি চাংমাই এক নিৰ্দেশ জাৰি কৰে। তাত উল্লেখ আছে যে মেঘালয়ৰ কোনো সংগঠনে ব্যক্তিগত মালিকানাধীন বাইক বা গাড়ী ভাড়াত দিব নোৱাৰে। চৰকাৰী অধিসূচনাত ১৯৮৮ চনৰ মটৰ গাড়ী আইনৰ কথা উল্লেখ আছে।ধাৰা ৬৬ অনুসৰি গাড়ীখনৰ অনুমতি পত্ৰ থাকিব লাগিব। বাণিজ্যিক ব্যৱহাৰৰ বাবে ধাৰা ১৯২এৰ অধীনত জৰিমনা বিহা হব। তেনে নকৰিলে ২০৭ নং ধাৰা অনুসৰি দুচকীয়া আৰু চাৰিচকীয়া বাহন জব্দ কৰা হব।

Related News