NORTHEAST NOW (Assamese)
অসম

পূৱ জয়ন্তীয়া পাহাৰ জিলাত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 3, 2020 5:37 pm

পূব জয়ন্তীয়া পাহাৰ জিলা আৰক্ষীয়ে বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ কৰিবলৈ সক্ষম হয়।

পূব জয়ন্তীয়া পাহাৰ জিলা আৰক্ষীয়ে মেঘালয়ৰ পূৱ জয়ন্তীয়া পাহাৰৰ এখন গাঁৱত অভিযানত চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰকখিনি জব্দ কৰিবলৈ সক্ষম হয় বুলি শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ অভিযানকাৰী দলটোৱে জিলাখনৰ চ’ খেমপোৰ গাঁৱত অভিযান চলাই ৫০ কাৰ্টুন জেলেটিন ষ্টিক আৰু ইলেক্ট্ৰিক ডিটেনেট’ৰ জব্দ কৰিবলৈ সক্ষম হয়।

পূৱ জয়ন্তীয়া পাহাৰ জিলা আৰক্ষীৰ আৰক্ষী অধীক্ষক দীপক কুমাৰে অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰা বিস্ফোৰকখিনি সন্দৰ্ভত এইদৰে সংবাদ মাধ্যমৰ আগত কয়।

এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত দুগৰাকী ব্যক্তিকো গ্ৰেপ্তাৰ কৰাৰ লগতে এখন বলেৰো বাহনো জব্দ কৰে আৰক্ষীৰ দলটোৱে।

অবৈধ অস্ত্ৰ সৰবৰাহকাৰীৰ দলে এই বিস্ফোৰকখিনি সৰবৰাহৰ বাবে লুকুৱাই ৰাখিছিল বুলি উল্লেখ কৰি আৰক্ষী অধীক্ষক কুমাৰে এই ঘটনা সন্দৰ্ভত অনুসদ্ধান অব্যাহত ৰাখিছে বুলি কয়।