NORTHEAST NOW (Assamese)
Popular Stories

ব্ৰিটিছ ৰাজপৰিয়াললৈ আগমণ ঘটিব নতুন সদস্যৰ, আনন্দৰ জোৱাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 15, 2021 7:32 pm
ব্ৰিটিছ ৰাজপৰিয়াললৈ আগমণ ঘটিব নতুন সদস্যৰ, আনন্দৰ জোৱাৰ

ব্ৰিটেইনৰ ৰাজপুত্ৰ প্ৰিন্স হেৰীৰ পত্নী মেগান মাৰ্কলে অন্তঃসত্বা। ব্ৰিটিছ ৰাজপৰিয়ালৰ এজন মুখপাত্ৰই ভেলেণ্টাইন ডে’ৰ দিনা এই কথা ঘোষণা কৰিছে।

“আমি নিশ্চিত যে আৰ্কি ককায়েক হ’বলে ওলাইছে।” মুখপাত্ৰজনে জনায়। “ড্যুক আৰু ডাচেচ অৱ চাচেক্সে তেওঁলোকৰ দ্বিতীয় সন্তানৰ আগমণক আনন্দেৰে প্ৰত্যাশা কৰিছে।”

উল্লেখযোগ্য প্ৰিন্স হেৰী লেডী ডায়েনা আৰু  প্ৰিন্স চাৰ্লছৰ পুত্ৰ। লেডি ডায়েনাই প্ৰিন্স হেৰীক গৰ্ভধাৰণ কৰাৰ ঘোষণাও ৩৭ বছৰ পূৰ্বে ভেলেণ্টাইন ডে’ৰ দিনাই এখন বাতৰি কাকতৰ দ্বাৰা ঘোষণা কৰা হৈছিল।

ব্ৰিটেইনৰ ৰাণী কুইন এলিজাবেথ (দ্বিতীয়)ৰ নাতি প্ৰিন্স হেৰী (৩৬)য়ে ৰাজপৰিবাৰৰ দায়িত্ব এৰি বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত বাস কৰি আছে।

আনহাতে প্ৰিন্স হেৰীৰ পত্নী মেগান মাৰ্কলে (৩৯) হলিউদৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।

২০১৭ চনৰ ২৭ নৱেম্বৰত বিবাহপাশত আৱদ্ধ হোৱা ৰাজকীয় দম্পতিটোৱে ২০১৯ চনৰ ৬ নৱেম্বৰত প্ৰথমটো সন্তান আৰ্কী হেৰিছন মাউণ্টবেটেনক জন্ম দিয়ে।

বৰ্তমানলৈকে প্ৰিন্স হেৰী আৰু মেগান মাৰ্কলেৰ সন্তান প্ৰসৱ তাৰিখ জানিব পৰা হোৱা নাই।

ব্ৰিটিছ ৰাজপ্ৰাসাদ বাকিংহাম পেলেচে তেওঁলোকৰ নতুন সদস্যৰ আগমণত উল্লাসিত হৈ পৰিছে।