NORTHEAST NOW (Assamese)
অসম

আবতৰীয়া বানত হোৱা বিভিন্ন সমস্যা সমাধানৰ দাবীত ছাত্ৰ মুক্তিৰ মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 7, 2019 8:07 am
আবতৰীয়া বানত হোৱা বিভিন্ন সমস্যা সমাধানৰ দাবীত ছাত্ৰ মুক্তিৰ মুখ্য মন্ত্ৰীলৈ স্মাৰকপত্ৰ

নীপকোৱে সৃষ্টি কৰা ধনশিৰিৰ আৱতৰীয়া বানত ক্ষতিগ্ৰস্ত ৰাইজৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বুধবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মৰঙী আঞ্চলিক সমিতিয়ে মুখ্য মন্ত্ৰী আৰু জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে।

মৰঙী ৰাজহ চক্ৰৰ অধীনত বানপানীত খেতি পথাৰ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহলৈ সাহায্য প্ৰদান কৰা, বানত মাটি-বাৰী, ঘৰ-দুৱাৰ সৰ্বস্ব হেৰুওৱা পৰিয়ালসমূহক চৰকাৰে তৎকালীনভাৱে সংস্থাপনৰ ব্যৱস্থা কৰা, বানপানী হোৱা ঠাই সমূহত অতিশীঘ্ৰে বিনামূলীয়া চিকিৎসা প্ৰদান কৰাকে ধৰি আৰু কেইবাটাও দাবী সংগঠনটোৱে স্মাৰকপত্ৰত উল্লেখ কৰে।

স্মাৰকপত্ৰ প্ৰদান কৰি উক্ত দাবী সমূহ শীঘ্ৰেই কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। অন্যথা সংগঠনটোৱে বানৰ কবলত পৰি সৰ্বস্ব হেৰুৱা পৰিয়ালসমূহক লৈ  ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে।