NORTHEAST NOW (Assamese)
Popular Stories

ইউৰোপীয় ইউনিয়নৰ তথ্য আমেৰিকাক গতাই দিয়াৰ অভিযোগত মেটাক ১.৩ বিলিয়ন ডলাৰ জৰিমনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 22, 2023 7:08 pm

ইউৰোপীয় ইউনিয়নৰ ব্যৱহাৰকাৰীসকলৰ তথ্য আমেৰিকাক গতাই দিয়াৰ বাবে ফেচবুকৰ স্বত্ত্বাধিকাৰী মেটাক অভিলেখ পৰিমানৰ ১.২ বিলিয়ন ইউৰো (১.৩ বিলিয়ন ডলাৰ) জৰিমনা বিহা হৈছে।

সোমবাৰে ইউৰোপীয় ইউনিয়নৰ হৈ কাম কৰা আয়াৰলেণ্ডভিত্তিক ডাটা প্ৰটেকচন কমিছনে জনোৱা মতে ইউৰোপীয় ডাটা প্ৰটেকচন ব’ৰ্ডে প্ৰশাসনিক জৰিমনা সংগ্ৰহৰ নিৰ্দেশ দিছে।

লগতে পঢ়ক: আকৌ মণিপুৰত হিংসা, ইম্ফলৰ বজাৰত অগ্নিসংযোগ! সেনাক তলব, পুনৰ সান্ধ্য আইন জাৰি

জৰিমনাৰ সন্দৰ্ভত মেটাই কয় যে তেওঁলোকক পৃথক কৰি দিয়া হৈছে। তেওঁলোক হতাশ হৈ পৰিছে। ৰায়টো ত্ৰুটিপূৰ্ণ আৰু অন্যায়ভাৱে দিয়া হৈছে। ই আন অগণন কোম্পানীসমূহৰ বাবে এক ভয়ংকৰ দৃষ্টান্ত গঢ়ি তুলিলে।

মেটাৰ গ্ল’বেল এফেয়াৰ্ছৰ প্ৰেছিডেন্ট নিক ক্লেগ আৰু মুখ্য আইনী বিষয়া জেনিফাৰ নিউষ্টেডে এটা ব্লগ পোষ্টত কয় যে তেওঁলোকে জৰিমনা বিহাৰ বিৰুদ্ধে আবেদন কৰিব।

সাধাৰণ তথ্য সুৰক্ষা নিয়মৰ অধীনত এইটোৱেই আটাইতকৈ বৃহৎ জৰিমনা। ২০২১ চনত লাক্সেমবাৰ্গত আমাজনক ৭৪৬ মিলিয়ন ইউৰো (৮০৭ মিলিয়ন ডলাৰ) জৰিমনা বিহা হৈছিল।

লগতে পঢ়ক: হঠাতে মেট্ৰিকৰ ফলাফল ঘোষণা জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ পৰা দৃষ্টি আঁতৰোৱাৰ কৰাৰ কৌশল নেকি?

ইয়াৰ পূৰ্বে ডাটা প্ৰটেকচন কমিছনে জানুৱাৰী মাহত ফেচবুকক ৩৯ কোটি ডলাৰ জৰিমনা বিহিছিল। ফেচবুকে ইয়াৰ ব্যৱহাৰকাৰীসকলক বিজ্ঞাপন প্ৰকাশৰ অনুমতি দিবলৈ বাধ্য কৰাইছিল, যিটোৱে ইউৰোপীয় ইউনিয়নৰ গোপনীয়তা আইন উলংঘা কৰিছিল। সাধাৰণতে ফেচবুকে ব্যৱহাৰকাৰীৰ অনলাইন কাৰ্যকলাপ নিৰীক্ষণ কৰি প্ৰাসংগিক বিজ্ঞাপন প্ৰদৰ্শন কৰে।