NORTHEAST NOW (Assamese)

চলি আছিল সূৰ্যগ্ৰহণৰ পোনপটীয়া সম্প্ৰচাৰ : হঠাৎ টেলিভিশ্যনৰ পৰ্দাত ওলাল অণ্ডকোষ

April 10, 2024 11:04 am · এন ই নাও নিউজ

এক আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত সংঘটিত হোৱা কাণ্ডই বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷সোমবাৰে সম্পূৰ্ণ সূৰ্যগ্ৰহণে উত্তৰ আমেৰিকা আৰু মেক্সিকোত কম সময়ৰ বাবে অন্ধকাৰ কঢ়িয়াই অনাৰ বিপৰীতে এই অনুষ্ঠানৰ কভাৰেজে মেক্সিকান সংবাদ মাধ্যমৰ ওপৰত আৰু অধিক অন্ধকাৰৰ সৃষ্টি কৰিছে৷এতিয়া বিশ্বজুৰি বাতৰি সম্প্ৰচাৰৰ মাজতে ভুলবশতঃ এজন মানুহৰ অণ্ডকোষ দেখা পোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।এই কাৰ্য সম্পাদন কৰা প্ৰতিষ্ঠানটোৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে সংবাদ প্ৰতিষ্ঠানটোৱে ইণ্টাৰনেটযোগে তীব্ৰ সমালোচনাৰ মুখামুখি হৈছে।

আৰ চি জি মিডিয়াৰ ২৪/৭ বাতৰি পৰিবেশন অনুষ্ঠানৰ তিনিজন এংকৰে সম্পূৰ্ণ সূৰ্যগ্ৰহণৰ দৰ্শকে দাখিল কৰা ফুটেজ উপস্থাপন কৰি আছিল তেতিয়া পৰ্দাত থকা ভিজুৱেল নিজৰ অণ্ডকোষেৰে বন্ধ কৰি দিয়ে।ক্লিপটো প্ৰচাৰ হোৱাৰ পাছত মহিলা এংকৰৰ এগৰাকীয়ে স্তম্ভিত হৈ হাঁহি থকা শুনা গ’ল আৰু তেওঁৰ পুৰুষ সহকৰ্মীয়ে অনুষ্ঠানটি আগবঢ়াই লৈ যায়।

পুৰুষ এংকৰজনে লগতে বুজাই দিয়ে যে ক্লিপসমূহ দৰ্শকেহে জমা দিছিল৷ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে -মানুহৰ অভিজ্ঞতা অন্তৰ্ভুক্ত কৰাৰ ইচ্ছাই সম্প্ৰচাৰকসকলৰ বাবে লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে বুলি নিউয়ৰ্ক পোষ্টে প্ৰকাশ কৰিছে।ইফালে, ‘ৰিভলভাৰ’ নামৰ ইউজাৰনেমেৰে এজন এক্স ইউজাৰে এই সমগ্ৰ কাণ্ডৰ দায়িত্ব ইণ্টাৰনেটযোগে স্বীকাৰ কৰিছে।

Related News