NORTHEAST NOW (Assamese)
অটো

বজাৰত মুকলি হ’ল MG Hector, দাম শুনি আপুনিও হ’ব আচৰিত!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 27, 2019 9:08 pm
mg-hector-front-details-cover-1561552254

এম জি (মোৰিছ গেৰেজ) ম’টৰছ ইণ্ডিয়াই মাত্ৰ ১২.১৮ লাখ টকাতে ভাৰতীয় গাড়ী বজাৰত ‘এম জি হেক্টৰ’ বাহনখন মুকলি কৰি সকলোকে আচৰিত কৰি তুলিবলৈ সক্ষম হৈছে। মুকলি হোৱাৰ পূৰ্বে ‘এম জি হেক্টৰ’ৰ দামকলৈ বহু চৰ্চিত কথাটো হ’ল চাৰিচকীয়া বাহনখনৰ দাম প্ৰায় ১৫ লাখৰ পৰা ২০ লাখৰ ভিতৰত হ’ব কিন্তু এম জি ম’টৰছে নিৰ্ধাৰণ কৰা গাড়ীখনৰ মূল্যৰ পাছত এতিয়া সকলোৰে চকু কপালত উঠিছে।

‘এম জি হেক্টৰ’ৰ নিৰ্ধাৰণ কৰা ১২.১৮ লাখ (এক্স শ্বোৰুম) মূল্যই এম জি হেক্টৰক অন্য প্ৰতিদ্বন্দ্বী গাড়ী নিৰ্মাতা গোষ্ঠীৰ পৰা বহু দূৰলৈ লৈ যাব। দিল্লীত মহিন্দ্ৰা এক্স য়ু ভি ৫০০ ৰ এক্স শ্বোৰুম মূল্য হ’ল ১২.৩১ লাখ. টাটা হেৰিয়াৰৰ ১৩ লাখ আৰু জীপৰ প্ৰাৰম্ভিক মূল্য আৰম্ভ হয় ১৫.৬০ লাখৰ পৰা।

তলত এম জি হেক্টৰ আৰু ইয়াৰ বিভিন্ন প্ৰতিদ্বন্দ্বী বাহনৰ শ্বোৰুম মূল্য উল্লেখ কৰা হ’ল-

এম জি হেক্টৰ- ১২.১৮ লাখৰ পৰা ১৬.৮৮ লাখ

মহিন্দ্ৰা এক্স য়ু ভি ৫০০-১২.৩১ লাখৰ পৰা ১৮.৬১ লাখ

টাটা হেৰিয়াৰ-১৩ লাখৰ পৰা ১৬.৫৬ লাখ

জীপ কোম্পাছ-১৫.৬০ লাখৰ পৰা ২৩.১১ লাখ

হুণ্ডাই ক্ৰেতা-১০ লাখৰ পৰা ১৫.৬৫ লাখ

অতি শক্তিশালী ক্ষমতাৰ ইঞ্জিনৰ সৈতে এম জি হেক্টৰ অতি সুন্দৰ ষ্টাইলেৰে সৈতে বজাৰলৈ আহিবলৈ সাজু হৈছে। নতুন চাৰিচকীয়া বাহনখনৰ কানেকটিভিটি হ’ল বজাৰত গ্ৰাহকৰ মাজত জনপ্ৰিয়তা লাভ কৰাৰ অন্যতম আকৰ্ষণ। অতি শক্তিশালী ইঞ্জিনৰ বাহনখনৰ মূল্যই ভাৰতীয় গাড়ীৰ বজাৰত এখন যুদ্ধৰ সৃষ্টি কৰিব বুলি আৰু এই যুদ্ধত এম জি হেক্টৰে গ্ৰাহকৰ মনোযোগ দখল কৰিবলৈ সক্ষম হ’ব বুলি অট’ টুডেৰ সহকাৰী সম্পাদক ৰাহুল ঘোষে উল্লেখ কৰে।

এম জি হেক্টৰত থকা আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট হ’ল ইয়াৰ ইঞ্জিনৰ বিভিন্নতা। বাহনখন ১.৫ লিটাৰ টাৰ্বোচাৰ্জ পেট্ৰ’ল ইঞ্জিন আৰু ২.০ লিটাৰ টাৰ্বোচাৰ্জ ডিজেল ইঞ্জিনতো উপলব্ধ হ’ব। পেট্ৰ’ল ইঞ্জিনৰ বাহনখন ১৪৩ পি এচ আৰু ২৫০ নিউটন মিটাৰ টৰ্কৰ হোৱাৰ বিপৰীতে ডিজেল চালিত বাহনখন ১৭০ পি এচ আৰু ৩৫০ নিউটন মিটাৰ টৰ্কৰ।

আনহাতে, পেট্ৰ’ল ইঞ্জিনখনত ৪৮ ভি হাইব্ৰিড অপশ্যনো উপলব্ধ হ’ব। গাড়ীখনত ৬ স্পীড মেনুৱেল গিয়াৰ বক্সো থাকিব।

এম জি হেক্টৰ গাড়ীখন মুঠ ১১ টা বিভিন্ন সংযোজনত উপলব্ধ হোৱাৰ উপৰিও পাঁচটা বিভিন্ন ৰঙত গ্ৰাহকৰ ওচৰলৈ আহিব। গাড়ীখনে ডিজেলত ১৭.৪১ কিলোমিটাৰ আৰ পেট্ৰ’লত ১৫.৮১ কিলোমিটাৰ মাইলেজ দিব বুলি আশা কৰা হৈছে।

এম জি হেক্টৰত থকা মূল সুবিধা সমূহ হ’ল-এন্ড্ৰ’ইড আৰু এপ’ল কাৰ প্লে সংযোজনত ১০.৪ ইঞ্চি এইচ ডি টাচ্ছ স্ক্ৰীণ এ ভি এন চিষ্টেম, আই স্মাৰ্ট কানেক্টিভিটি টেকন’লোজি। ইয়াত এল ই ডি হেদ লাম্পছ, ডি আৰ এল ফ’গ লেম্পছ, আৰু অন্য সুবিধা সমূহ হ’ল-পেনাৰোমিক চানৰুফ, ৩৬০ ডিগ্ৰী কেমেৰা, ক্ৰুইজ কন্ট্ৰোল, ইলেক্ট্ৰিকেলি এডজাচেব’ল আগৰ চিট ইত্যাদি।