NORTHEAST NOW (Assamese)
Popular Stories

এমজিএনৰেগাৰ নাম সলনি কৰাৰ সিদ্ধান্ত; নিশ্চিত কৰ্মদিন ১২৫ দিনলৈ বৃদ্ধিৰ প্ৰস্তাৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 13, 2025 3:52 pm

কেন্দ্ৰীয় চৰকাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (MGNREGA)-ত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। এই আঁচনিখনৰ নাম সলনি কৰি “পূজ্য বাপু গ্ৰামীণ ৰোজগাৰ যোজনা” কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সংস্কাৰৰ অংশ হিচাপে গ্ৰাম্য পৰিয়ালৰ বাবে নিশ্চিত কৰ্মদিনৰ সংখ্যা বছৰি ১০০ দিনৰ পৰা ১২৫ দিনলৈ বৃদ্ধি কৰা হ’ব পাৰে

প্ৰকাশিত তথ্য অনুসৰি, কেন্দ্ৰীয় কেবিনেটে “পূজ্য বাপু গ্ৰামীণ ৰোজগাৰ নিশ্চয়তা আইন” শীৰ্ষক এখন নতুন আইনৰ খচৰাত অনুমোদন জনাইছে, যিখনে পূৰ্বৰ এমজিএনৰেগা আইনৰ ঠাই ল’ব।

উল্লেখ্য যে, ২০০৫ চনত কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মিত্ৰজোঁট (UPA) চৰকাৰে এই আঁচনিখন (MGNREGA) আৰম্ভ কৰিছিলএই আঁচনিৰ মূল লক্ষ্য হৈছে দেশৰ সকলো জিলাতে প্ৰতিটো গ্ৰাম্য পৰিয়ালক বছৰি ১০০ দিনৰ অদক্ষ শ্ৰমৰ নিশ্চয়তা প্ৰদান কৰি তেওঁলোকৰ জীৱিকাৰ সুনিশ্চিত কৰা।

বহু ৰাজ্যই দীৰ্ঘদিন ধৰি এই আঁচনিৰ অধীনত সৰ্বাধিক কৰ্মদিন বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছে। চলিত বৰ্ষৰ এপ্ৰিল মাহত সংসদীয় স্থায়ী সমিতিয়েও কেন্দ্ৰীয় চৰকাৰক নিশ্চিত কৰ্মদিনৰ সংখ্যা কমপক্ষে ১৫০ দিনলৈ বৃদ্ধি কৰাৰ লগতে মজুৰি প্ৰতিদিনে কমেও ৪০০ টকালৈ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছিল।

বৰ্তমান এমজিএনৰেগাৰ অধীনত দৈনিক মজুৰি বিভিন্ন ৰাজ্যত ২৪১ টকাৰ পৰা ৪০০ টকাৰ ভিতৰত আছে। সমিতিখনে উল্লেখ কৰিছিল যে বৰ্তমানৰ অৰ্থনৈতিক বাস্তৱতাৰ সৈতে খাপ খুৱাবলৈ ভিত্তি মজুৰিৰ হাৰ সংশোধন কৰা উচিত।

স্মৰ্তব্য যে, আইনখনে ১০০ দিনৰ কামৰ নিশ্চয়তা দিলেও, ২০২৪-’২৫ বিত্তীয় বৰ্ষত আঁচনিখনৰ অধীনত প্ৰতিটো পৰিয়ালত গড়ে মাত্ৰ ৫০ দিনহে নিয়োগ প্ৰদান কৰা হৈছিল।

ইফালে, এই নাম সলনি কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে বিৰোধী দলসমূহে তীব্ৰ সমালোচনা কৰিছে।

কংগ্ৰেছে অভিযোগ কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে কংগ্ৰেছৰ আঁচনিসমূহক নিজৰ মতাদৰ্শ সৈতে “পুনৰ ব্ৰেণ্ডিং কৰাৰ পুৰণি অভ্যাস” বজাই ৰাখিছে। দলৰ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাতে কয়, “নৰেন্দ্ৰ মোদীয়ে এসময়ত কংগ্ৰেছৰ ‘ব্যৰ্থতাৰ বাণ্ডিল’ বুলি কোৱা একেখন এমজিএনৰেগাই গ্ৰাম্য ভাৰতৰ বাবে জীৱনৰেখা হিচাপে প্ৰমাণিত হৈছে।”

পশ্চিম বংগৰ শাসকীয় তৃণমূল কংগ্ৰেছেও এই সিদ্ধান্তক “কেৱল প্ৰশাসনিক পুনৰীক্ষণ নহয়” বুলি আখ্যা দি ইয়াক “মতাদৰ্শগতভাৱে প্ৰেৰিত কাৰ্য্য” বুলি অভিহিত কৰিছে। তৃণমূল কংগ্ৰেছে অভিযোগ কৰে যে বিজেপি চৰকাৰে এমজিএনৰেগাৰ পৰা “‘মহাত্মা’ মচি পেলোৱা”ৰ সিদ্ধান্তই হিন্দুত্ববাদী দলৰ “বংগৰ সাংস্কৃতিক আৰু বৌদ্ধিক উত্তৰাধিকাৰৰ প্ৰতি থকা দীৰ্ঘদিনীয়া শত্ৰুতা”ক “উন্মোচন” কৰিছে।