NORTHEAST NOW (Assamese)

কৃষ্ণাইত এন জি অ’ই যোগান ধৰা মধ্যাহ্ন ভোজনত ওলাল মকৰা, পঁইতাচোৰাৰ ঠেং

November 4, 2019 8:51 pm · নীলমণি শৰ্মা
Updated: November 4, 2019 8:52 pm

এন জি অ’ই যোগান ধৰা মধ্যাহ্ন ভোজনক লৈ বিভিন্ন স্থানত প্ৰতিবাদ-বাধা অব্যাহত থকাৰ মাজতে আজি গোৱালপাৰাৰ কৃষ্ণাইতো সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ।

কিছু সংখ্যক বিদ্যালয়ে আজি নিম্নমানৰ খাদ্য সামগ্ৰী লাভ কৰাৰ বিপৰীতে বহু বিদ্যালয়ে দুপৰীয়া এক বজালৈ খাদ্য নাপালে। ফলত বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

আনহাতে কৃষ্ণাইত ভেল্টাৰঘাট প্ৰাথমিক বিদ্যালয়ত এন জি অ’ই যোগান ধৰা খাদ্য অতি নিম্নমানৰ হোৱাৰ লগতে ভাত-দাইলত ওলাল পঁইতাচোৰা, মকৰা আদিৰ ঠেং ৷

পোক-পৰুৱাৰে ভৰি থকা খাদ্য অভিভাৱকে ছাত্ৰ-ছাত্ৰীৰ নোখোৱাৰ বাবে সিদ্ধান্ত লৈছে ভেল্টাৰ ঘাট প্ৰাথমিক বিদ্যালয়ত। অনুপযোগী খাদ্য যোগান দিয়া চৰকাৰ আৰু শিক্ষা বিভাগক ৰাইজে ধিক্কাৰ দিয়ে।

ইফালে আজি দুপৰীয়ালৈ এক বজালৈ কৃষ্ণাই ছোৱালী হাই স্কুল, টুকুৰা মধ্যইংৰাজী বিদ্যালয়, হাদী প্ৰাথমিক বিদ্যালয়ত নাপালে মধ্যহ্ণ ভোজনৰ খাদ্য।

কৃষ্ণাই ছোৱালী হাই স্কুলৰ সহকাৰী শিক্ষক আব্দুল হাই আহমেদে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে দিনৰ এক বজালৈ খাদ্য সামগ্ৰী বিদ্যলয় আহি নোপোৱাতো পৰিতাপৰ কথা কাৰন জিৰণিৰ সময়ত খাদ্য নাপালে পাঠদানত বিসংগতিয়ে দেখা দিব। লগতে নিম্নমানৰ সামগ্ৰীৰ সলনি স্বাস্থ্য সন্মত সামগ্ৰী যোগানৰ আহ্বান জনায়।

ভেল্টালঘাট প্ৰাথমিক বিদ্যালয়ৰ সভাপতি কাজিমুদ্দিন আহামেদেও চৰকাৰৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি এই পোক-পুৰুৱাৰে ভৰা খাদ্য কোনো কাৰণতে ছাত্ৰ-ছাত্ৰী খাবলৈ দিয়া নহ’ব বুলি চৰকাৰ আৰু শিক্ষা বিভাগক সকীয়াই দিয়ে।

Related News