NORTHEAST NOW (Assamese)
অসম

মধ্যাহ্ন ভোজন ৰান্ধনীৰ দুখ দুৰ্দশা বৰ্ণনা কৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ ৰান্ধনী সহায়িকা সন্থাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 6, 2021 5:04 pm
xx

কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজত খাটি খোৱা লোকসকলৰ সমান্তৰালকৈ মধ্যাহ্ন ভোজনৰ অধীনৰ ৰান্ধনী সহায়িকা সকলৰো পানীত হাঁহ নচৰা অৱস্থা হৈছে।

সেয়েহে দেওবাৰে মধ্যাহ্ন ভোজন আঁচনিৰ অধীনৰ কৰ্মৰত ৰান্ধনী সহায়িকাৰ দুখ-দুৰ্দশা বিৱৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাৰ্থমিক বিদ্যালয়ৰ মধ্যান্থ ভোজন ৰান্ধনী সহায়িকা সন্থাৰ উপদেষ্টা তৃষ্ণা নাথ, সভানেত্রী-সবিতা বড়ো আৰু উপ-সভানেত্রী-খুদেজা খাতুনে।

পত্ৰখনত প্ৰথমে তেওঁলোকে মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰি লিখি কয় ‘মহোদয় এই খিনিতে আপোনাক এটা বিষয় এটা অতি দুখেৰে অৱগত কৰিব বিছাৰো যে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰতিখন প্ৰাথমিক ও উচ্চ প্ৰাৰ্থমিক বিদ্যালয়ৰ মধ্যান্থ ভোজন ৰান্ধনী সহায়িকা সকলে অতি নিষ্ঠা আৰু সততাৰে অতি কম পাৰিতোষিকেৰে কৰ্ম সম্পাদন কৰি আহিছে।‘

‘কাৰণ এই সকল ৰান্ধনী অতি দুখীয়া,মাওৰা, বিধবা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰি থকা ৰান্ধনী। তেওঁলোকে বিগত ১৫ বছৰ কাল কম নূন্যতম পাৰিশ্ৰমিকেৰে বিনাবেতনে কাম কৰি আহিছে। এই চৰকাৰখনলৈ আমাৰ ৰান্ধনী সকলে বহুত আশা কৰিছে যে, এই চৰকাৰখনে তেওঁলোকৰ কথা চিন্তা কৰিব,তেওঁলোকৰ দুখৰ অন্ত পৰিব ।তেওঁলোকৰ যি নূন্যতম মজুৰি তাক বৃদ্ধি কৰাৰ চিন্তা- চৰ্চা কৰিব।‘ চিঠিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই তেওঁলোকে এইদৰে কয়।

সন্থাই অসমৰ প্ৰতিগৰাকী ৰান্ধনীৰ দৰমহা ১৫ শ টকাৰ পৰা ৯৬০০ টকালৈ বৃদ্ধি কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

গতিকে চৰকাৰে তেওঁলোকৰ এই আহ্বানক সঠিকভাবে চিন্তা চৰ্চা কৰি উচিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ৰান্ধনী সহায়িকা সন্থাই।