NORTHEAST NOW (Assamese)

৫.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীৰ লগতে উপকণ্ঠ অঞ্চল

September 12, 2018 10:43 am · এন ই নাও নিউজ
Updated: September 12, 2018 11:07 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো অনুভূত হ’ল মজলীয়া ভূমিকম্পৰ জোঁকাৰণি। ৰাতিপুৱা প্ৰায় ১০ বাজি ২০ মিণিটত অনুভূত হৈছিল এই ভূমিকম্পটো। প্ৰায় ৫ ছেকেণ্ড মান সময় ধৰি গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলসমূহত অব্যাহত আছিল জোঁকাৰণি।

ৰিখতাৰ স্কেলত প্ৰায় ৫.৬ প্ৰাবল্যই জোকাৰি যোৱা ভূমিকেন্দ্ৰটোৰ অভিকেন্দ্ৰ অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত বুলি জানিব পৰা গৈছে।

ইফালে মহানগৰীৰ কেইবা ঠাইতো ভূমিকম্পৰ ত্ৰাসত এপাৰ্টমেণ্ট তথা অট্টালিকাত বাস কৰা লোকসকল বাহিৰলৈ ওলাই আহি নিৰাপদ স্থানত আশ্ৰয় লয়।

উল্লেখ্য যে বৰ্তমান সময়লৈকে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ অন্য প্ৰান্তৰ পৰা ভূমিকম্পকটোৰ ফলত কোনোধৰণৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

Related News