NORTHEAST NOW (Assamese)
অসম

ৰাজ্যক পুনৰ জোঁকাৰি গ’ল এক ভূমিকম্পই : এইবাৰো অভিকেন্দ্ৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 30, 2021 2:45 pm
earthquake-1580261390-750x375-750x375

দেওবাৰে বিয়লি ২.২৩ বজাত পুনৰ এক মজলীয়া ভূমিকম্পই জোকাৰি গ’ল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চল।

নেশ্যনেল চেন্টাৰ ফৰ ছেইছম’লজিৰ পৰা জানিব পৰা মতে ভূমিকম্পটো ৰিখটাৰ স্কেলত ৪.১ মেগনিটিউডৰ আছিল।

ভূমিকম্পটোৰ উৎপত্তিস্থল মধ্য অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰৰ ঢেকীয়াজুলিৰ পৰা ৮.৯ কিলোমিটাৰ পশ্চিম দিশে আছিল।

ভূমিকম্পটোৰ গভীৰতা আছিল ভূগৰ্ভৰ ১৬ কিলোমিটাৰ গভীৰত।

ভূমিকম্পটোৰ ফলত কোনো ক্ষয়ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই।

জানিব পৰা মতে, গুৱাহাটীৰ উপৰি নগাওঁ, ওদালগুৰি, দৰং, কলিয়াবৰ, মৰিগাঁৱৰ লগতে ভূটানতো ভূমিকম্পটোৰ জোকাৰণি অনুভূত হয়।