NORTHEAST NOW (Assamese)

মণিপুৰত উগ্ৰপন্থীয়ে হত্যা কৰিলে আৰক্ষী কমাণ্ডোক; অপহৰণ তিনিজন মেইটেইক

May 12, 2023 9:57 am · এন ই নাও নিউজ, গুৱাহাটী
মণিপুৰত সেনাৰ ফ্লেগমাৰ্চ। ফাইল ফটো।

মণিপুৰৰ বিষ্ণুপুৰ জিলাত বৃহস্পতিবাৰে নিৰাপত্তা বাহিনী আৰু সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ মাজত হোৱা গুলীচালনাৰ ঘটনাত সন্দেহযুক্ত কুকি উগ্ৰপন্থীৰ গুলীত মণিপুৰ আৰক্ষীৰ এজন কমাণ্ডো নিহত হোৱাৰ লগতে আন ৫জন আহত হয়।

বিষ্ণুপুৰ জিলাত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে তেওঁলোকৰ দলটোক এম্বুছ কৰাৰ ফলত কনিষ্টবল এইচ জিতেনৰ মৃত্যু হোৱাৰ লগতে আন পাঁচজন আৰক্ষী আহত হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে।

আহতসকলৰ এজনৰ অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে আৰু অৱগত কৰে। অতিৰিক্ত বাহিনীয়ে আক্ৰমণকাৰীক বিচাৰি উলিয়াবলৈ চেষ্টা চলাইছে।

লগতে পঢ়ক: IPL 2023 KKR vs RR: চাহাল-যশস্বীৰ অভিলেখ; ৰাজস্থান ৰয়েলছৰ ওচৰত অসহায় আত্মসমৰ্পণ কলকাতা নাইট ৰাইডাৰ্ছৰ

বুধবাৰে ইম্ফল পূব জিলাত অচিনাক্ত দুষ্কৃতিকাৰীৰ গুলীত আহত হৈছিল এজন আছাম ৰাইফলছৰ জোৱান।

উগ্ৰপন্থীয়ে বৃহস্পতিবাৰে পৃথক পৃথক কাণ্ডত তিনিজন মেইটেই সম্প্ৰদায়ৰ লোকক অপহৰণ কৰাৰ অভিযোগো উত্থাপন হৈছে।

ইপিনে, হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি আৰু অধিক উন্নত হোৱাৰ লগতে অশান্ত চুৰাচান্দপুৰকে ধৰি ১৬খন জিলাৰ ভিতৰত ১১খন জিলাত সান্ধ্য আইন শিথিল কৰি দিয়া হৈছে।

ইম্ফল পশ্চিমকে ধৰি অধিক স্থানত সান্ধ্য আইন শিথিল কৰাৰ বিপৰীতে সেনা আৰু কেন্দ্ৰীয় বাহিনীয়ে অৱশ্যে স্পৰ্শকাতৰ অঞ্চলত সতৰ্কতা অব্যাহত ৰাখিছে। সেইদৰে, ১৩ মে’লৈকে স্থগিত থাকিব মোবাইল ইন্টাৰনেট সেৱা।

লগতে পঢ়ক: কেতিয়াও টকা হাতলৈ আহিলে এইবোৰ কাম নকৰিব! জানি লওক চাণক্য নীতি

উল্লেখযোগ্য যে যোৱা ৩ মে’ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত মণিপুৰত কমেও ৬৮ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ৪৫ হাজাৰৰো অধিক লোক গৃহহীন হৈ পৰিছে।

মেইটেইৰ অনুসূচীত জনজাতি মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত ১০খন পাহাৰীয়া জিলাত ‘জনজাতীয় সংহতি পদযাত্ৰা’ চলোৱাৰ পিছতে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

Related News