NORTHEAST NOW (Assamese)
অৰুণাচল

জেনেৰেল বিপিন ৰাৱাটলৈ সন্মান: অৰুণাচলত ৰাৱাটৰ নামেৰে সামৰিক শিবিৰৰ নতুন নামাকৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 11, 2022 5:32 pm
Bipin Rawat

যোৱা বৰ্ষৰ শেষৰ ফালে এক বিমান দুৰ্ঘটনাত নিহত হোৱা দেশৰ প্ৰথমগৰাকী ‘চীফ অৱ ডিফেঞ্চ ষ্টাফ’ জেনেৰেল বিপিন ৰাৱাটৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি অৰুণাচলৰ এটা সামৰিক শিবিৰৰ নাম নতুনকৈ বিপিন ৰাৱাটৰ নামেৰে নামাংকৃত কৰা হৈছে।

অৰুণাচলস্থিত কিবিথু সামৰিক গেৰিছনৰ নতুন নাম ৰখা হৈছে জেনেৰেল বিপিন ৰাৱাট সামৰিক গেৰিছন। কালি এক বিশেষ অনুষ্ঠান আয়োজন কৰি আনুষ্ঠানিকভাৱে এই নতুন নামাকৰণ কৰা হয়।

শিবিৰৰ সমুখত য’ত স্থানীয় পৰম্পৰাগত স্থাপত্য শৈলীৰে নিৰ্মিত ৰাৱাটৰ নাম সম্বলিত এখন বিশাল গেট উন্মোচন কৰা হয়।

সামৰিক কেন্দ্ৰটোৰ নাম সলনি অনুষ্ঠানটোত ৰাজ্যৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ বিডি মিশ্ৰ আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, জ্যেষ্ঠ সামৰিক আৰু অসামৰিক বিষয়াসকলৰ লগতে ৰাৱাটৰ কন্যা উপস্থিত থাকে।

উল্লেখ্য যে দেশৰ প্ৰথমগৰাকী চীফ অৱ ডিফেঞ্চ ষ্টাফ সিচাপে কাৰ্যনিৰ্বাহ কৰা জেনেৰেল ৰাৱাটৰ যোৱা বছৰ ডিচেম্বৰত মধুলিকা ৰাৱট আৰু আন ১২ জন সামৰিক কৰ্মীৰ সৈতে হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল।

জেনেৰেল ৰাৱাটে ২০১৯-২০ চনত কিবিথুত কৰ্ণেল হিচাপে ৫/১১ গোৰ্খা ৰাইফলছ বেটেলিয়নক কমাণ্ড কৰিছিল আৰু লোহিত উপত্যকাৰ পাৰত থকা সৰু জনপদ কিবিথুৰ নিৰাপত্তা গাঁথনি শক্তিশালী কৰাত যথেষ্ট অৰিহণা যোগাইছিল।

ৱালোঙৰ পৰা কিবিথুলৈ ২২ কিলোমিটাৰ দীৰ্ঘ পথটো ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে জেনেৰেল বিপিন ৰাৱত মাৰ্গ হিচাপে উৎসৰ্গিত কৰিছিল।