NORTHEAST NOW (Assamese)
অসম

নাইজেৰিয়াত আইএছ-সম্পৰ্কিত জেহাদীৰ আক্ৰমণত নিহত ৮জন সৈনিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 25, 2021 2:46 pm
WhatsApp Image 2021-09-25 at 2.24.01 PM

নাইজেৰিয়াৰ উত্তৰ-পূৰ্বাঞ্চলীয় সংঘৰ্ষ জৰ্জৰিত প্ৰদেশ বোৰ্ণোত শুকুৰবাৰে কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইএছৰ সৈতে জড়িত জেহাদীৰ আক্ৰমণত দেশখনৰ ৮জন সেনা নিহত হৈছে।

এই ঘটনাত আন কেইবাজনো নিখোজ হোৱাৰ খৱৰ প্ৰকাশ পাইছে।

বাতৰি অনুসৰি, লেকছাদ অঞ্চলত ডিকবা আৰু মাৰ্তি চহৰৰৰ মধ্যভাগেৰে গৈ থকা অৱস্থাত এটা সামৰিক কনভয় ইছলামিক ষ্টেট ৱেষ্ট আফ্ৰিকা প্ৰভিন্স (আইএছডব্লিউএপি) সন্ত্ৰাসবাদীৰ ৰকেট আক্ৰমণৰ সন্মুখীন হয়।

সামৰিক সূত্ৰই জানিবলৈ দিয়া মতে এই আক্ৰমণৰ ঘটনাত ৮জন সেনা নিহত হোৱাৰ উপৰি আন আঠজন সেনা আৰু এজন জেহাদী বিৰোধী মিলিশ্যিয়ামেন আহত হয়।

সামৰিক সূত্ৰৰ মতে জেহাদীসকলে তাৰ পৰা দুখন সামৰিক বাহন লৈ যোৱাৰ লগতে আন তিনিখন বাহন জ্বলাই দিয়ে।

উল্লেখ্য যে বিগত দুসপ্তাহতকৈয়ো কম সময়ৰ ভিতৰত ইছলামিক ষ্টেট ৱেষ্ট আফ্ৰিকা প্ৰভিন্স সন্ত্ৰাসবাদীৰ এইটো আছিল দ্বিতীয়টো বৃহৎ আক্ৰমণৰ ঘটনা।

এই সন্ত্ৰাসবাদী সংগঠনটোৱে বিগত ১২ বছৰ ধৰি দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আহিছে।