NORTHEAST NOW (Assamese)
অসম

ডিজেলতকৈ গাখীৰৰ দাম বেছি পাকিস্তানত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2019 4:10 pm
milk Milk gets costlier than diesel in Pakistan

পাকিস্তানৰ ঠাইবিশেষে ডিজেলতকৈ দাম বাঢ়িছে গাখীৰৰ।

দেশখনৰ গুৰুত্বপূৰ্ণ নগৰ কৰাচীত প্ৰতি লিটাৰ গাখীৰ বিক্ৰী হৈছে ১৪০ পাকিস্তানী টকা পৰ্য্যন্ত।

দেশখনত এতিয়া গাখীৰৰ দাম অতি কমেও লিটাৰত ১২০ টকা।

বিপৰীতে, কৰাচীত দুদিন আগলৈকে ডিজেলৰ দাম আছিল লিটাৰত ৯১ৰ পৰা ১১৩ টকাৰ ভিতৰত।

ইছলামধৰ্মীৰ পবিত্ৰ মাহ মহৰম উপলক্ষে গাখীৰৰ চাহিদা বৃদ্ধি পোৱা বাবেই দাম বঢ়া বুলি স্থানীয় সূত্ৰৰ উদ্ধৃতিৰে বাতৰিত প্ৰকাশ।

মহৰমত পাকিস্তানৰ বিভিন্ন চহৰত ইছলামধৰ্মী লোকসকলে সমদল বাহিৰ কৰে।

সেই সমদলসমূহত বহুলোকে ফলৰ ৰস, পানী, গাখীৰ আদি যোগান ধৰে।

সেয়ে গাখীৰৰ চাহিদা বাঢ়িছে। কিন্তু একে সময়তে মুনাফা সন্ধানী ব্যৱসায়ীয়ে কৃত্ৰিম সংকট সৃষ্টি কৰাৰ অভিযোগো উঠিছে।

বাতৰি মতে, গাখীৰৰ দাম বাঢ়িলেও মহৰমৰ সমদলক সেৱা আগবঢ়াই যাব পৰম্পৰাগত এই কাম কৰি অহা লোকসকলে।