গুৱাহাটীত আকৌ বৃদ্ধি পালে গাখীৰৰ মূল্য। কিমান বৃদ্ধি পালে?

কিছুদিনৰ পূৰ্বে গুৱাহাটীত গাখীৰ উৎপাদনকাৰী সকলে গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ বাবে দাবী উত্থাপন কৰি আহিছিল।
বৃহস্পতি বাৰে প্ৰকাশ পোৱা খবৰ অনুসৰি গুৱাহাটীত প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৪ টকাকৈ বৃদ্ধি হৈছে।
খবৰ অনুসৰি আজিৰে পৰা কাৰ্যকৰী হ’ব গাখীৰৰ মূল্যবৃদ্ধি। সংবাদমেল সম্বোধন কৰি অসম চেম্বাৰ অৱ কমাৰ্চে এই মূল্যবৃদ্ধিৰ বিষয়ে অৱগত কৰে।
চেম্বাৰৰ তথ্য অনুসৰি ৪ টকা বৃদ্ধিৰ ভিতৰত ৩.৫ টকা পোনপটীয়াকৈ দুগ্ধ পালকৰ হাতলৈ যাব, বাকী ০.৫ টকা ব্যৱসায়িক প্ৰতিষ্ঠানলৈ যাব।
ইয়াৰ পূৰ্বে গুৱাহাটীত এক লিটাৰ গাখীৰৰ মূল্য আছিল ৬০ টকা। মূল্যবৃদ্ধিৰ লগে লগে প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৬৪ টকালৈ বৃদ্ধি পাইছে।
মন কৰিবলগীয়া যে বৃহত্তৰ গুৱাহাটী দুগ্ধ খেতিয়ক সন্থাই দাম বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে গাখীৰৰ মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰা হয়।
১ জুলাইত প্ৰকাশিত বাতৰি অনুসৰি প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৫ টকা বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিৰ লগে লগে প্ৰতি লিটাৰ গাখীৰ পূৰ্বৰ ৫৩ টকাৰ পৰিৱৰ্তে ৫৮ টকাত বিক্ৰী কৰা হৈছিল।
বৃহত্তৰ গুৱাহাটী দুগ্ধ উৎপাদন সন্থাই দাবী কৰিছে যে শেহতীয়াকৈ গৰুৰ খাদ্যৰ হাৰো বৃদ্ধি পোৱাৰ বাবে গাখীৰৰ হাৰ বৃদ্ধি পাইছে।
ইফালে পাইকাৰী যোগানকাৰীসকলে এনে মূল্যবৃদ্ধিৰ বাবে গাখীৰ ক্ৰয় কৰিবলৈ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে।
আনহাতে, বৃহত্তৰ গুৱাহাটী দুগ্ধ উৎপাদক সন্থাই দাবী কৰে যে পাইকাৰী যোগানকাৰীয়ে যদি তেওঁলোকৰ গাখীৰ ক্ৰয় নকৰে তেন্তে তেওঁলোকে পোনপটীয়াকৈ গ্ৰাহকক গাখীৰ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিব।