NORTHEAST NOW (Assamese)
Popular Stories

ক’ভিড পজিটিভ হ’ল ৯১ বৰ্ষীয় মিলখা সিং, হৈ ক’লে- “আচৰিত হৈছো! মই সম্পূৰ্ণ সুস্থ।”

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 20, 2021 2:45 pm
ক’ভিড পজিটিভ হ’ল ৯১ বৰ্ষীয় মিলখা সিং, হৈ ক’লে- “আচৰিত হৈছো! মই সম্পূৰ্ণ সুস্থ।”

বুধবাৰে বিয়লী ক’ভিড-১৯ পজিটিভ হয় মিলখা সিং।

পত্নী নিৰ্মল কৌৰে সংবাদ মাধ্যমক জনোৱমামতে, প্ৰসিদ্ধ দৌৰবিদজনৰ অৱস্থা বৰ্তমান সন্তোষজনক।

বৰ্তমান তেওঁ চণ্ডীগড়স্থিত বাসাভৱনত নিভৃতবাসত আছে।

বুধবাৰে আবেলি দৌৰবিদজন তীব্ৰ জ্বৰত আক্ৰান্ত হৈছিল বুলি পত্নী নিৰ্মলে জনায়।

অৱশ্যে তেওঁৰ স্বাদশক্তি আৰু ঘ্ৰাণশক্তি অটুত আছে।

আনহাতে, ৯১ বৰ্ষীয় দৌৰবিদজনে জনোৱামতে, তেওঁ ক’ভিড পজিটিভ হোৱাৰ বাবে নিজে আচৰিত হৈছে।

“মই সম্পূৰ্ণ সুস্থ, বুধবাৰে জগিং কৰি অহাৰ পাছত পজিটিভ হৈ আচৰিত হৈছো। মই সম্পূৰ্ণ সুস্থ।”- তেওঁ কয়।

উল্লেখযোগ্য ‘দ্যা ফ্লায়িং শিখ’ নামে জনাজাত বিশ্বপ্ৰসিদ্ধ দৌৰবিদজনে যোৱা বছৰ ক’ভিড-১৯ মহামাৰী যুদ্ধলৈ নিজৰ পুত্ৰৰ স’তে মিলি ২ লাখ টকা অনুদান আগবঢ়াইছিল।