NORTHEAST NOW (Assamese)
অসম

বেংকত আছে কোটি কোটি টকা, তথাপি ৰাজপথত ভিক্ষা মাগে এই গৰাকী মহিলাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 1, 2020 7:11 am
woman-beggar

এগৰাকী কোটিপতি ভিক্ষাৰীয়ে এতিয়া বহুতৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। এই গৰাকী ভিক্ষাৰীৰ বেংকত কমেও ডেৰ কোটি টকা জমা আছে।

ইয়াৰোপৰি মহিলাগৰাকীৰ আছে চহৰৰ মাজত পাঁচটাকৈ অট্টালিকা। সেই অট্টালিকাৰ পৰা ভাড়াৰ বাবদ মহিলাগৰাকীয়ে প্ৰতি মাহে লাভ কৰে কেইবা লাখো টকা।

কিন্তু ৰাতিপুওৱাৰ লগে লগে মহিলা গৰাকীয়ে হুইল চেয়াৰত উঠি ৰাজপথলৈ ওলাই আহে ভিক্ষা মাগিবলৈ। মহিলাগৰাকীৰ ঘৰ ইজিপ্তৰ  ঘাৰবিয়া প্ৰদেশত।

মহিলাগৰাকীয়ে প্ৰায়ে হুইল চেয়াৰত বহি অথবা কেতিয়াবা পদপথৰ ওপৰত বহিও ভিক্ষা মাগি থকাৰ দৃশ্য ঘাৰবিয়া চহৰৰ বাসিন্দাসকলৰ বাবে এক পৰিচিত দৃশ্য।

মহিলাগৰাকীৰ এখন ভৰি সম্পূৰ্ণ অকামিলা বুলি তেওঁ কৈ আহিছে।কিন্তু ভিক্ষা বৃত্তি নিষিদ্ধ প্ৰদেশ খনৰ আৰক্ষীৰ চকুত যেতিয়া মহিলাগৰাকী পৰিল তেতিয়াহে ওৰহী গছৰ ওৰ ওলাল।

আৰক্ষীৰ আগত মহিলাগৰাকীয়ে এই কথা স্বীকাৰ কৰিলে যে তেওঁৰ দুয়োখন ভৰিয়েই সক্ৰিয় আৰু ভিক্ষা খুজিবলগীয়াকৈ তেওঁ দুখীয়াও নহয়।ইজিপ্তৰ দুটা বেংকত তেওঁৰ ১.৪ কোটি টকা জমা আছে।

তদুপৰি ঘাৰবিয়া আৰু কালিউবিয়া চহৰত তেওঁৰ পাঁচটা অট্টালিকা আছে। নাছিফা নামৰ মহিলাগৰাকীৰ কথা শুনি আনকি আৰক্ষীও হতবাক হৈ পৰিল।

আৰক্ষীয়ে অনুসন্ধান কৰি গম পালে যে মহিলাগৰাকীয়ে কোৱা প্ৰতিটো কথাই সত্য।

কোটি টকাৰ গৰাকী হোৱাৰ পিছতো নাছিফাই কিয় ভিক্ষা মাগি ফুৰে সেই কথা ভাবিহে এতিয়া আৰক্ষীৰ লগতে ঘাৰবিয়া প্ৰদেশৰ বাসিন্দাসকল আচৰিত হৈছে।

সঁচাকৈয়ে কিমান যে বিচিত্ৰ প্ৰকৃতিৰ মানুহ থাকে এই পৃথিৱীত!