NORTHEAST NOW (Assamese)
অসম

শাক-পাচলিৰ ভ্ৰাম্যমান বেহা বন্ধ কৰাৰ বাবে প্ৰশাসনক নিৰ্দেশ মন্ত্ৰী অতুল বৰাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 2, 2020 2:42 pm
IMG_20200401_182608

সংহাৰি ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ আগ্ৰসনৰ পটভুমিত বোকাখাতত পাচলিৰ ভ্ৰাম্যমান বেহা বন্ধ কৰিবৰ বাবে নিৰ্দেশ দিছে কেবিনেট মন্ত্ৰী অতুল বৰাই ৷

বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে চলা যান-বাহনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবৰ বাবেও প্ৰশাসনক নিৰ্দেশ দিছে অতুল বৰাই৷

গোলাঘাট জিলাত কভিড -১৯ৰ ৰোগী ধৰা পৰাৰ পাচত ১ এপ্ৰিলৰ নিশা বোকাখাতত এই দৰে নির্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

বোকাখাতত শাক পাচলি লৈ ঘুৰি ফুৰা অচিনাক্ত লোকৰ পৰাও ভাইৰাছ সংক্ৰমিত হব পাৰে ৷ দিল্লীৰ নিজামুদ্দিনৰ পৰা আহি লুকাই থাকিব পৰা লোকক বিচাৰি উলিয়াই চিকিৎসা প্ৰদান কৰিবৰ বাবেও অতুল বৰাই প্ৰশাসনক নিৰ্দেশ দিয়ে ৷

ইফালে বোকাখাতৰ বিভিন্ন প্ৰান্তত আহু ধানত হোৱা পোকৰ আক্ৰমণত বিভাগীয় তত্বাৱধানত কীটনাশক প্ৰয়োগ কৰিবৰ বাবে পৰামৰ্শ দিয়ে অতুল বৰাই ৷

এই ক্ষেত্ৰত পথাৰত কীট নাশক চটিওৱাৰ সময়তো সামাজিক ব্যৱধান আৰু নীতি নিৰ্দেশনা মানি চলাৰ লগতে প্ৰশাসনৰ অনুমতি ল’বৰ বাবে তেওঁ কৃষকক অনুৰোধ জনায় ৷

কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ অসম চৰকাৰক সহায় কৰাৰ বাবে যোৱা নিশা বোকাখাতৰ স্থানীয় যুৱক প্ৰদীপ কুমাৰ দেই অসম চৰকাৰৰ আৰোগ্য নিধিলৈ বুলি ২০ হেজাৰ টকা আৰু মিলিজুলি চুতীয়া আত্মসহায়ক গোটে ১০ হেজাৰ টকাৰ চেক মন্ত্ৰী অতুল বৰাৰ হাতত অৰ্পণ কৰে ৷

কৃষকৰ বাবে বিভাগীয় অনুদানৰ লগতে নিজৰ ঘৰতে কৃষকে কেনেদৰে কৃষি উৎপাদন কৰিব পাৰে তাৰ ওপৰত কৃষি বিভাগে চিন্তা চৰ্চা কৰি থকা বুলিও মন্ত্ৰী গৰাকীয়ে জনায় ৷

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত সকলোকে সজাগ আৰু সাৱধান হৈ কঠোৰভাৱে লক ডাউন মানি চলিবৰ বাবে অতুল বৰাই আহ্বান জনায় ৷