NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ বাৰোৱাৰী পূজা মণ্ডপত মন্ত্ৰী অতুল বৰাৰ ঝুমুৰ নৃত্য

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া October 17, 2018 9:35 pm
বোকাখাতৰ বাৰোৱাৰী পূজা মণ্ডপত মন্ত্ৰী অতুল বৰাৰ ঝুমুৰ নৃত্য

শাৰদীয় দুৰ্গোৎসৱৰ মহা অষ্টমী পূজাৰ সন্ধ্যা বোকাখাতৰ বাৰোৱাৰী পূজা মণ্ডপত উপস্থিত হৈ পূজা আগবঢ়োৱাৰ লগতে ঝুমুৰ দলৰ সৈতে নাচত যোগ দিয়ে স্থানীয় বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাই৷

মন্ত্ৰীয়ে নচা দেখি হাতত হাত ধৰি বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যাম আৰু ৰাজহ চক্ৰ বিষয়া খনীন দাসেও ঝুমুৰ দলটিৰ লগত নাচি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে৷

বাৰোৱাৰী পূজাৰ পূৰ্বে কাজিৰঙাৰ ঐতিহ্য মণ্ডিত কাক গোঁসানী থানৰ লগতে বোকাখাতৰ বহু কেইখন পূজা থলীত উপস্থিত হৈ অষ্টমীৰ সেৱা আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে৷

মহা অষ্টমীৰ পূজাত কাজিৰঙা আৰু বোকাখাতত থকা কাক গোঁসানীৰ থানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু লোকৰ সমাগম হোৱাৰ উপৰিও শতাধিক ম’হ, ছাগলী আৰু হাঁহ-পাৰ গোঁসানীৰ আগত বলি দিয়া হয়৷