NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী; পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিলে বৃদ্ধি হ‘ব পাৰে লকডাউন

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন July 10, 2021 6:35 am
IMG_20210709_153649

গোলাঘাটত লকডাউনৰ সময় সীমা বৃদ্ধিৰ ইংগিত দিলে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

যিহেতু ৭ জুলাইৰ পৰা সম্পূৰ্ণ কন্টেইমেন্ট জ’ন ঘোষণা কৰা গোলাঘাট জিলাত হ্ৰাস পোৱা নাই ক’ভিডৰ সংক্ৰমণ।

দৈনিক ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে জিলাখনত।

লকডাউনৰ সময়ছোৱাত শুকুৰবাৰে জিলা খনৰ সামগ্রইক পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হয় মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু  স্বাস্থ্য বিভাগৰ লগত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’য়।

আলোচনাৰ অন্তত মন্ত্ৰী জনে সংবাদ মাধ্যমৰ আগত অতি পৰিতাপেৰে জিলাখনত বৰ্তমানৰ পৰিস্থিতিৰ বাবে উদ্বেগ প্ৰকাশ কৰে। লগতে এই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ গোলাঘাট জিলা প্ৰশাসন অধিক কঠোৰ হোৱাৰো নিৰ্দেশ প্ৰদান কৰে।

যদিহে এই সাত দিনীয়া লকডাউনত জিলাখন নিয়ন্ত্ৰণলৈ নাহে তেন্তে পুনৰ লকডাউনৰ সময় বৃদ্ধি কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

অনাগত দিনত পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিলে কঠোৰ লক ডাউন দিয়াৰো সম্ভাৱনা ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে।