NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচন সমাগত! আঁচনিৰ লগতে চাহ শ্ৰমিক আৰু আৰক্ষী কনিষ্টবলৰ বাবে সু-খবৰ দিলে মন্ত্ৰী হিমন্তই

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 25, 2020 1:49 pm
index.jpgল-750x375

সমাগত বিধানসভাৰ নিৰ্বাচন। সেয়েহে আঁচনিৰ জোৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজিও চাহ বাগিচাৰ শ্ৰমিক আৰু আৰক্ষী কনিষ্টবলৰ কল্যাণৰ বাবে দুটাকৈ সু-খবৰৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

চাহ শ্ৰমিকৰ বাবে ঘোষণা কৰা এই সু-খবৰ অনুসৰি এইবাৰ ‘দুৰ্গা পূজাত চাহ শ্ৰমিকলৈ প্ৰদান কৰা হ’ব ২০ শতাংশ বানচ।

চাহ শ্ৰমিকসকলক বানচ সূচাৰুৰূপে প্ৰদান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰীগৰাকীয়ে।

ইয়াৰোপৰি, চাহ উদ্যোগৰ বাবেও চাৰিখন বিশেষ আঁচনিৰ কথা ঘোষণা কৰে মন্ত্ৰী শৰ্মাই।

আঁচনি অনুসৰি ‘যদি কোনো চাহ উদ্যোগতে বাণিজ্যিক বেংকৰ পৰা ৱৰ্কিং কেপিটেল লোণ লয় তেন্তে ৩ শতাংশ ৰাজ সাহায্য লাভ কৰিব।

আন এক আঁচনিৰ কথা ঘোষণা কৰি মন্ত্ৰীয়ে কয়, ‘এই বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হোৱাকৈ প্ৰতি কেজি অৰ্থডক্স চাহপাতৰ বিপৰীতে ৭ টকাকৈ ৰাজ সাহায্য আগবঢ়াব। পূৰ্বৰ ৩ টকা ৰাজ সাহায্য মিলাই মুঠ ১০ টকা ৰাজ সাহায্য লাভ কৰিব। ইয়াৰ ফলত চাহৰ ৰপ্তানি বহুগুণে বৃদ্ধি হ’ব।‘

কোনো চাহ বাগিচাই যদি অৰ্থডক্স চাহপাত প্ৰস্তুতৰ বাবে নতুনকৈ যন্ত্ৰ ক্ৰয় কৰে তেন্তে তাৰ ওপৰত চৰকাৰে ২৫ শতাংশ ৰাজসাহায্য দিব বুলিও মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।

অহা তিনিবছৰৰ বাবে চাহ বাগিচাসমূহে কৃষি আয়কৰ দিব নালাগে বুলি তেওঁ কয়।

ইপিনে, আৰক্ষী কনিষ্টবলৰ মাহেকীয়া খোৱা-বোৱাৰ বাবদ ১২০০ টকাৰ পৰিৱৰ্তে ২০০০ টকাকৈ অহা অক্টোবৰ মাহৰ পৰা দিয়া হ’ব বুলি তেওঁ সংবাদমেলত ঘোষণা কৰে। বন বিভাগৰ প্ৰস্তাৱ পালে সেই বিভাগলৈয়ো এই আঁচনি বৃদ্ধি কৰা হ’ব বুলি তেওঁ জনায়।