NORTHEAST NOW (Assamese)

২০২০ৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ’ব ভাৰত-বাংলাদেশ সীমা বেৰ : ৰাজ্যিক গৃহ মন্ত্ৰী

December 19, 2018 9:00 pm · এন ই নাও নিউজ

গৃহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজেজুৱে প্ৰকাশ কৰিছে যে ৫৪০.৫৮৬ কিঃমিঃ দৈৰ্ঘ্য বিয়পা বেৰহীন ভাৰত-বাংলাদেশ সীমান্তত বেৰ দিয়াৰ কাম অহা বছৰৰ মাৰ্চৰ পৰা আৰম্ভ কৰা হ’ব। লোকসভাত  এই কথা প্ৰকাশ কৰি ৰাজ্যিক গ্ৰহ মন্ত্ৰীগৰাকীয়ে কৈছে যে ভাৰত-বাংলাদেশ সীমান্তত বেৰ দিয়াত এইবাৰ চৰকাৰে সৰ্বাধিক মনোযোগ দিছে।

১৮ ডিচেম্বৰে ৰিজেজুৱে কৈছে যে ভাৰত-বালাদেশৰ মুঠ ৪০৯৬.৭০ কিঃমিঃ সীমান্তৰ ভিতৰত ২৭৮৫.৫৫৪ কিঃমিঃত বেৰ দিয়া হৈছে আৰু বাকীখিনি ২০২০ৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

সীমান্তৰে অনুপ্ৰৱেশ চলি থকা সময়ত ৰিজেজুৰ বক্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। বিএছএফে ইতিমধ্যে সাম্ভাব্য অনুপ্ৰৱেশ সম্পৰ্কত সতৰ্কবাণী জাৰি কৰিছে।

গৃহ মন্ত্ৰ্যালয়ৰ এগৰাকী শীৰ্ষস্থানীয় বিষয়াই প্ৰকাশ কৰিছে যে প্ৰায় ৩৬,০০০ ৰহিঙীয়া ভাৰতৰ বিভিন্ন অংশত আছে আৰু আৰু বিএছএফে অনুপ্ৰৱেশ বন্ধ কৰাৰ চেষ্টা কৰি আছে কাৰণ তেওঁলোকৰ সৈতে সন্ত্ৰাসবাদী গোটসমূহৰ যোগাযোগ থকাটোও নুই কৰিব নোৱাৰি।

এই বছৰৰ আৰম্ভণিৰ পৰা ৩১ অক্টোবৰ ২০১৮ পৰ্যন্ত বিএছএফে ৮৭ গৰাকী ৰহিঙীয়াক আটক কৰিছে আৰু ৭৬ ৰহিঙীয়াক বাংলাদেশলৈ ঘূৰাই পঠোৱা হৈছে।

Related News