NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী ফণীভূষণ চৌধুৰীক চিকিৎসালয়ত ভৰ্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 29, 2019 9:47 am
Not Prafulla Mahanta, AGP's leader is Atul Bora: declares Assam minister Phanibhushan

অসম চৰকাৰৰ মন্ত্ৰী তথা বঙাইগাঁৱৰ অগপ বিধায়ক ফণীভূষণ চৌধুৰী মঙলবাৰে হঠ্যাৎ অসুস্থ হৈ পৰে। সন্ধিয়া গুৰুতৰভাৱে অসুস্থ হৈ পৰাত মন্ত্ৰীজনক লগে লগে গুৱাহাটীৰ খানাপাৰাস্থিত হেলথ চিটি হস্পিতালত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য যে সোমবাৰে দিনৰ ভাগত অগপ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত উপস্থিত আছিল অগপ বিধায়ক তথা ৰাজ্য চৰকাৰৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী। মনোনয়ন দাখিলৰ কিছু সময়ৰ পিছতে হঠাৎ অসুস্থ হৈ পৰে চৌধুৰী। আৰু ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হস্পিতালত।

জ্যেষ্ঠ আঞ্চলিক নেতাগৰাকী কি কাৰণত এইদৰে হঠাৎ অসুস্থ হৈ পৰিল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিছে।