শিৱসাগৰ দিচাংমুখৰ অফলাৰ গৰাখহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা হৈছে ইৰ’চন শ্বিল নামৰ এক নতুন পদ্ধতি

শিৱসাগৰৰ দিচাংমুখৰ অফলাৰ গৰাখহনীয়া প্ৰতিৰোধী প্ৰকল্প পৰিদৰ্শন কৰে জল সম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই।
দীৰ্ঘদিনে গৰাখহনীয়াৰ কবলত পৰা অফলাত খহনীয়া ৰোধৰ বাবে জল সম্পদ বিভাগে ব্ৰহ্মপুত্ৰৰ বুকুত ইৰ’চন শ্বিল নামৰ এক নতুন পদ্ধতি গ্ৰহণ কৰিছে। ৩ জুলাইৰ পৰা অফলাত এই নতুন পদ্ধতিৰে খহনীয়া ৰোধৰ বাবে জল সম্পদ বিভাগে কাম আৰম্ভ কৰিছিল আৰু বৰ্তমানলৈকে এই পদ্ধতিৰ দ্বাৰা খহনীয়া ৰোধ কৰিবলৈ সক্ষম হৈছে।
যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ আৰু প্ৰাক্তন বিধায়ক কুশল দুৱৰীৰ সৈতে অফলা অঞ্চল পৰিদৰ্শন কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই।
প্ৰায় ডেৰ কোটি টকা ব্যয়ৰে খহনীয়া ৰোধৰ বাবে এই হ্ৰস্বম্যাদী আঁচনি গ্ৰহণ কৰা হৈছে। ভৱিষ্যতে অফলাৰ গৰাখহনীয়া ৰোধৰ বাবে দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী পিয়ুষ হাজৰিকাই।
প্ৰায় দুই কিলোমিটাৰ খহনীয়াৰ কাম বৰ্তমান এই পুঁজিৰ দ্বাৰা কৰিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
ইপিনে ৰাজহুৱা ধন যাতে কোনো কাৰণত অপব্যয় নহয় তাৰ বাবে ঠিকাদাৰ সকলক নিৰ্দেশ দিয়ে।
দীৰ্ঘদিনে যি সকল ঠিকাদাৰে প্ৰাপ্য ধন লাভ কৰা নাই সেই সকল ঠিকাদাৰক প্ৰাপ্য ধন একাদিক্ৰমে আদায় দিব বুলি মন্তব্য কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই।
ইয়াৰোপৰি ৫০- ৬০বছৰীয়া পুৰণি মথাউৰি সমুহো পৰ্যয়ক্ৰমে পুনৰ নিৰ্মাণ কৰা হ’ব বুলি ন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
বান গৰাখহনীয়া ৰোধৰ বাবে পূৰ্বৰ পদ্ধতি ত্যাগ কৰি নতুন চিন্তা ধাৰাৰে বিভাগটোক আগেৱাই নিব বুলি কয় মন্ত্ৰী হাজৰিকাই।