NORTHEAST NOW (Assamese)
অসম

দিচাং নৈত উটি গ’ল মন্ত্ৰী পিয়ুষ হাজৰিকাৰ দিচাংমুখ অফলাৰ গৰাখহনীয়া ৰোধৰ প্ৰতিশ্ৰতি

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ December 17, 2021 2:47 pm

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লৈয়ে শিৱসাগৰৰ দিচাংমুখ অফলাৰ বান গৰাখহনীয়া ৰোধৰ বাবে স্থায়ী আঁচনি গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বিভাগীয় মন্ত্ৰী পিয়ুষ হাজৰিকাই গৰাখহনীয়াৰ স্থান পৰিদৰ্শন কৰি অতি শীঘ্ৰে দিচাংমুখৰ এই খহনীয়া ৰোধৰ কাম আৰম্ভ কৰা হব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

পিয়ুষ হাজৰিকাৰ লগতে শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু, ৰাজহ মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈয়েও এই অঞ্চল পৰিভ্ৰমণ কৰি শীঘ্ৰে এই সমস্যা সমাধান কৰা হব বুলি আশ্বাস প্ৰদান কৰিছিল।

কিন্তু সেয়া যেন এতিয়া ফুটুকাৰ ফেন।

মন্ত্ৰীয়ে ঘোষণা কৰা মতে এতিয়া একো কামেই আৰম্ভ হোৱা নাই দিচাংমুখৰ অফলাত।

ইপিনে জলসম্পদ বিভাগে এই বৰ্ষৰ আৰম্ভনিত যি হ্ৰস্ৰ ম্যাদী ইৰ’চন শ্বিল্ড নামৰ আঁচনি ৰূপায়ণ কৰিছিল সেই আঁচনিৰ অৱস্থাও এতিয়াও তথৈবচ। এবছৰ নহওতেই কোট টকীয়া এই আঁচনিৰ কাম জহি খহি গৈছে।

ইপিনে খৰালিৰ সময়ত শুই বহি থকা ৰাজ্যৰ জলসম্পদ বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে আছু।

দিচাংমুখৰ এই গৰাখহনীয়া ৰোধৰ বাবে স্থায়ী তথা বিজ্ঞান সন্মত দীৰ্ঘম্যাদী আঁচনি গ্ৰহণৰ দাবীত আজি শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই দিচাংমুখত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে।