NORTHEAST NOW (Assamese)
অসম

দুদিনীয়া ভ্ৰমণসূচী লৈ ডিমা হাচাওত মন্ত্ৰী পীযুষ হাজৰিকা

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব October 25, 2018 2:22 pm
20181025_122558

দুদিনীয়া ভ্ৰমণসূচী লৈ আজি ডিমা হাচাও জিলাত উপস্থিত হৈছে স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীৰ লগত থাকে ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক (সংগঠন) ফনীন্দ্ৰনাথ শৰ্মা আৰু ডিমা হাচাও বিজেপি প্ৰভাৰী ৰামকৃষ্ণ ঘোষ।

পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ দলীয় কাম-কাজৰ বুজ লোৱা উদ্দেশ্যে মন্ত্ৰী হাজৰিকা আজি ৰাতিপুৱা ১০ বজাত জিলাখনৰ মান্দাৰদিচাত উপস্থিত হয়। ডিমা হাচাও জিলাৰ বিজেপি সভাপতি নিপোলাল হোজাই আৰু দলৰ নেতা-কৰ্মীসকলৰ উপৰি পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ চি ই এম দেবলাল গাৰ্লচা, ই এম চ্যামুয়াল চাঙছানকে ধৰি বহুতো নেতাই মন্ত্ৰী হাজৰিকাক উষ্ম আদৰণি জনায়।

আদৰণি অনুষ্ঠানৰ পাছতে মন্ত্ৰী হাজৰিকাই পোনে পোনে হাতিখালীত উপস্থিত হৈ এটা উপ স্বাস্থ্য কেন্দ্ৰৰ প্ৰধান গৃহৰ দ্বাৰ মুকলি কৰে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে লাঙটিঙত এখন চৰকাৰী মডেল হস্পিতাল ভৱনৰো দ্বাৰ মুকলি কৰে।

দ্বাৰ মুকলি অনুষ্ঠানৰ পাছতে মন্ত্ৰী হাজৰিকাই লাঙটিঙ খেলপথাৰত আয়োজন কৰা এখন বিজেপিৰ কৰ্মী সভাত অংশ গ্ৰহণ কৰে। উল্লেখনীয় যে একাদশ  উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল অহা ৩ ডিচেম্বৰত সামৰণি পৰিব। সেয়ে নৱেম্বৰ মাহৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া দ্বাদশ পৰিষদীয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় বিজেপি দলৰ নেতা-কৰ্মীসকলৰ মাজত এতিয়া নিৰ্বাচনী ব্যস্ততা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।