NORTHEAST NOW (Assamese)
অসম

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী August 10, 2022 5:01 pm
Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাত আঘাতপ্ৰাপ্ত মইনা নায়কৰ খবৰ ললে মন্ত্ৰী সঞ্জয় কিষাণে।

দীৰ্ঘদিন ধৰি GMCH ত চিকিৎসাধীন হৈ আছে মইনা নায়ক।

১৩লাখ ৪১হাজাৰ ৪৯৮টকা চেক যোগে মইনা নায়কক ক্ষতিপূৰণ প্ৰদান কৰে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে।

বাগিচাৰ মালিক কৰ্তৃপক্ষই মইনা নায়কক দিছে এই ক্ষতিপূৰণ।

এতিয়া লাহে লাহে সুস্থ হৈ উঠিছে মইনা নায়ক।

যোৱা ১৯ জুলাইত লেপেটকটা চাহ বাগিচাৰ কলঘৰত কাম কৰি থকা অৱস্থাত মেছিনত সোমাই গৈছিল মইনা নায়ক। মইনাৰ চুলিসহ মূৰৰ ছাল উঠি যোৱাৰ লগতে সোঁহাতখন ভাঙি গৈছিল।