NORTHEAST NOW (Assamese)
অসম

মহানগৰীত সভ্য সমাজক লজ্জানত কৰা জঘন্য ঘটনা; সতীয়া পিতৃৰ নিৰ্যাতনৰ বলি নাবালিকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 5, 2022 6:42 pm

মহানগৰীৰ চান্দমাৰীৰ ভাস্কৰ নগৰত সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা ঘটিছে।

দীৰ্ঘদিন ধৰি সতীয়া পিতৃয়ে জীয়ৰীক চলাই আহিছে যৌন নিৰ্যাতন।

ঘৰত কোনো নথকাৰ সুযোগ বুজি জিয়ৰীক চলাই আহিছিল নিৰ্যাতন।

লগতে পঢ়ক: লগ এৰা নাই বিপদে! জিগনেশ মেৱানীক তিনি মাহৰ কাৰাদণ্ড

নিচাযুক্ত দৰব খুৱাই প্ৰায়েই কৰিছিল এই দুষ্কাৰ্য।

মহানগৰীৰ ভাস্কৰনগৰৰ ঘৰ নং ৮ ত হৈছে এই কাণ্ড।

নিৰ্যাতিতা কিশোৰী গৰাকীৰ দশম শ্ৰেনীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে।

ব্যক্তিগৰাকীৰ দ্বিতীয়া পত্নীৰ জীয়ৰী হৈছে ১৬ বছৰীয়া ছাত্ৰী গৰাকী। দীৰ্ঘদিনৰ পৰাই জীয়ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ স্থানীয় লোকৰো।

লগতে পঢ়ক: দিশপুৰ মহাবিদ্যালয়ৰ বেংক একাউণ্ট হেক; চাইবাৰ চোৰে লুটি নিলে ৭৫ লাখতকৈয়ো অধিক টকা

ইতিমধ্যে পানবজাৰ মহিলা আৰক্ষীয়ে সতীয়া পিতৃগৰাকীক গ্ৰেপ্তাৰ কৰিছে।