NORTHEAST NOW (Assamese)

অজ্ঞাত কাৰণত ওদালগুৰিত নাবালকৰ আত্মহত্যা

September 9, 2019 11:16 am · চাজিদ খান
প্ৰতিনিধিত্বমূলক ফটো

ওদালগুৰি জিলাৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ নলবাৰী গাঁৱত দেওবাৰে পুৱা এগৰাকী ১২ বছৰীয়া নাবালকে আত্মহত্যা কৰে।

জানিব পৰা মতে ল’ৰাটোৰ আইতাক আৰু ভনীয়েক ঘৰত নথকা অৱস্থাত নাবালকগৰাকীয়ে ঘৰৰ এটা বাহৰ খুটাত চিপ লৈ আত্মহত্যা কৰে।

আৰক্ষীৰ জানিবলৈ দিয়া মতে ল’ৰাটোক বিবেক নাগ ওৰফে নিভাশ বুলি চিনাক্ত কৰা হৈছে।

বিবেক সাতগাড়ী এম ই বিদ্যালয়ৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল।

বিবেকে মোমায়েকহঁতৰ ঘৰত তাৰ ভনীয়েকৰ সৈতে বসবাস কৰিছিল।

নাবালকগৰাকীৰ মৃতদেহটো কাৰ্যবাহী দণ্ডাধীশ কাৰ্তিক কাথাৰৰ উপস্থিতিত আৰক্ষীয়ে উদ্ধাৰ কৰে।

দণ্ডাধীশগৰাকীয়েও প্ৰাথমিকভাৱে পৰিস্থিতিলৈ চাই ইয়াক এটা আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰে।

আৰক্ষীয়েও ঘটনাস্থলীত কোনো আত্মহত্যাৰ টোকা বিচাৰি নাপালে।

আইতাক ৰেখা দে আৰু চুবুৰীয়াৰ মতে ল’ৰাটোৱে এসপ্তাহ পূৰ্বে ওচৰৰে এগৰাকী মৃগীৰোগত আক্ৰান্ত ২১ বছৰীয়া সঞ্জয় দাস নামৰ যুৱকৰ মৃত্যুৰ পাছত মানসিকভাৱে বিচলিত হৈ পৰিছিল।

Related News